ASSAM TIMES POST
ডিজিটেল ডেস্ক:
ছোনীয়া গান্ধী আৰু মমতা বেনাৰ্জীৰ নেতৃত্বত বিৰোধী শিবিৰৰ এখন সভা আহ্বান কৰা হৈছে৷ ক’ৰোনা পৰিস্থিতি, লকডাউন, প্ৰৱজিত শ্ৰমিক আৰু কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক লৈ এই সভা আয়োজন কৰা হৈছে৷ অহা শুকুৰবাৰে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিৰোধী দলবোৰৰ শীৰ্ষ নেতৃত্বৰ এই আলোচনা হ’ব৷ কংগ্ৰেছ সূত্ৰৰ মতে ছোনীয়া গান্ধীৰ তৰফৰ পৰা আহমেদ পেটেলক বিভিন্ন দলৰ শীৰ্ষ নেতাৰ সৈতে যোগাযোগ কৰাইছে৷ শুকুৰবাৰে বিয়লি তিনি বজাত এই সভা অনুষ্ঠিত হ’ব৷
দেশৰ বৰ্তমান পৰিস্থিতিত অ-বিজেপি দলবোৰৰ এই সভাই বিশেষ তাৎপৰ্য বহন কৰিছে৷ সভাত কংগ্ৰেছ, তৃণমূল, এনচিপি, চিপিএম, চিপিআই, আৰজেডি, ডিএমকে, টিডিপিৰ লগতে আন দলৰ শীৰ্ষ নেতা উপস্থিত থাকিব৷ এই সভাত উপস্থিত থকাৰ বিষয়ে ইতিমধ্যে সন্মতি দিছে ১৫টা ৰাজনৈতিক দলে৷













