ASSAM TIMES POST
নিউজ ডেস্ক:
সমগ্ৰ দেশত কৰোনা আক্রান্তৰ সংখ্যাই লাখৰ ঘৰ অতিক্ৰম কৰিছিল মঙলবাৰেই। বুধবাৰে সংক্রমণত নতুন ৰেকর্ড সৃষ্টি হ’ল দেশত। বিগত ২৪ ঘণ্টাত সংক্রমিত হৈছে আৰু ৫ হাজাৰ ৬১১জন। ইয়াৰ ফলত সমগ্ৰ দেশত আক্রান্তৰ সংখ্যা এতিয়া ১ লাখ ৬ হাজাৰ ৭৫০। বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে আৰু ১৪০জনৰ। তাৰফলত সমগ্ৰ দেশত এতিয়া মৃত্যুৰ সংখ্যা হৈছে ৩ হাজাৰ ৩০৩৷

সমগ্ৰ দেশত কৰোনা সংক্রমণৰ তিনি ভাগৰ এক ভাগেই এতিয়া মহাৰাষ্ট্রত। আক্রান্ত হৈছে ৩৭ হাজাৰ ১৩৬জন। মৃত্যু হৈছে ১ হাজাৰ ৩২৫জনৰ। সুস্থ হৈছে ৯ হাজাৰ ৬৩৯জন। সেয়ে আশঙ্কা জাগিছে মহাৰাষ্ট্রত সংক্রমণৰ হাৰ বৃদ্ধিৰ ঘটনাত। বিগত ২৪ ঘণ্টাত এই ৰাজ্যত কৰেনাত আক্রান্ত হৈছে ২ হাজাৰজন। দ্বিতীয় স্থানত আছে তামিলনাডু৷ তাত আক্রান্ত ১২ হাজাৰ ৪৪৮জন।

ইয়াৰ পিছতে আছে গুজৰাট। তাত আক্রান্তৰ সংখ্যা ১২ হাজাৰ ১৪০। মৃত্যু হৈছে ৭১৯জনৰ। দিল্লীত কৰোনাত আক্রান্ত ১০ হাজাৰ ৫৫৪জন। মৃত্যু হৈছে ১৬৮জনৰ। মধ্যপ্রদেশত আক্রান্তৰ সংখ্যা ৫ হাজাৰ ৪৬৫। মৃত্যু হৈছে ২৫৮জনৰ। ৰাজস্থানত আক্রান্তৰ সংখ্যা ৫ হাজাৰ ৮৪৫। মৃত্যু হৈছে ১৪৩জনৰ। উত্তৰ প্রদেশত আক্রান্তৰ সংখ্যা ৪ হাজাৰ ৯২৬। মৃত্যু হৈছে ১২৩জনৰ।













