ASSAM TIMES POST
ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি পাইছে কোৰোণাত আক্ৰান্তৰ সংখ্যা।অসমত আৰু ১৩জন লোকৰ দেহত ধৰা পৰে কোভিড-১৯ৰ উপস্থিতি। তাৰে ৮ জন হোজাইৰ, দুজন শোণিতপুৰ জিলাৰ, আৰু নগাওঁ, কামৰূপ(গ্ৰাম্য) আৰু কামৰূপ(মেট্ৰ)ৰ এজনকৈ লোকৰ দেহত ধৰা পৰিল কোৰোণাৰ অৱস্থিতি।। এই কথা টুইটাৰযোগে জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে, ৰাজ্যত ১৭০জনলৈ বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। তাৰে ৪৮ জন আৰোগ্য হোৱাৰ বিপৰীতে ১১৫ জন এতিয়াও চিকিত্সাধীন হৈ আছে।













