ASSAM TIMES POST
নিউজ ডেস্ক:
ঘূর্ণিবতাহ আমফানক লৈ সতৰ্কবাণী দিছিল বতৰ বিজ্ঞান বিভগে। তেওঁলোকৰ আশংকা, বুধবাৰে এই ধুমুহাৰ গতিবেগ ঘণ্টাত ১৮৫ কি:মি: পর্যন্ত হ’ব পাৰে। এনে পৰিস্থিতিত ক্ষয়-ক্ষতি এৰাবলৈ তৎপৰ হৈ পৰে ৰে’ল বিভাগো। দুর্ঘটনা ৰুধিবলৈ বিভিন্ন ষ্টেচনত ৰখি থকা ৰে’লৰ চকা শিকলিৰে বান্ধি পেলোৱা হয়।
উল্লেখযোগ্য যে লকডাউনৰ প্ৰভাৱত বিগত ২৫ মার্চৰ পৰাই সম্পূৰ্ণৰূপে স্তব্ধ স্বাভাবিক ৰে’ল সেৱা। কিন্তু বিভিন্ন ষ্টেচনত আবদ্ধ হৈ আছে ৰে’লসমূহ। তেনে ক্ষেত্ৰত যাতে কোনো দুৰ্ঘটনা নঘটে তাৰবাবেই এই সতৰ্কতা। পূবা আৰু দক্ষিণ-পূবা ৰে’ল হাওৰা, শিয়ালদহ ডিভিজনৰ বহু স্ষ্টেচনতেই দেখা গৈছে এনেকুৱা ছবি।
ৰে’ল কর্তৃপক্ষৰ মতে, ৰখি থকা ৰে’লসমূহ ধুমুহাৰ কোবত কোনো কাৰণত নিজৰ অৱস্থানৰ পৰা আঁতৰি গ’লে ভয়ঙ্কৰ দুর্ঘটনা ঘটিব পাৰে। সেয়ে আগতীয়াকৈ সতর্কতা হিচাবে ৰে’লৰ চকাসমূহ বান্ধি ৰখা হৈছে।
অৱশ্যে কেৱল ধুমুহাৰ ক্ষেত্রতেই নহয়, ৰে’ল যদি কোনো কাৰণত দীর্ঘ সময়ৰ কাৰণে ৰখাই থোৱা হয়, তাৰ চকা এনেদৰেই বান্ধি ৰখা হয় বুলি জনাইছে ৰে’লৰ বিষয়াই।













