ASSAM TIMES POST
নিউজ ডেস্ক:
এই সময় জটিল সময়। সমগ্ৰ বিশ্ব মহামাৰী কৰোনাৰ বিৰুদ্ধে মহাযুদ্ধত অৱতীৰ্ণ হৈছে। যি সময়ত কাল কৰোনাৰ প্ৰতিষেধক আৱিষ্কাৰত এতিয়াও প্ৰথম বিশ্বৰ দেশসমূহ তথা আগশাৰীৰ দেশ সমূহ সফল হোৱা নাই, এতিয়াও বিভিন্ন পৰীক্ষা-নিৰীক্ষা অব্যাহত আছে, সেই সময়তে কিন্তু এই মহাযুদ্ধত সাংবাদিক- সংবাদকৰ্মী সকলে নিজ জীৱনক তুচ্ছ কৰি তথা পৰিয়ালৰ ভৱিষ্যত অনিশ্চিত বুলি জানিও নিজ কৰ্তব্য নিষ্ঠাৰ সহকাৰে পালন কৰি আহিছে।এই মহামাৰীৰ সময়ত বিভিন্ন ব্যক্তিগত প্ৰতিষ্ঠানৰ লগতে ৰাজ্য সংবাদ মাধ্যমটো প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। সেয়েহে এই সময়ত সংবাদ প্ৰতিষ্ঠানসমূহৰ কৰ্তৃপক্ষক সহযোগ কৰাটো প্ৰতিগৰাকী সাংবাদিক- সংবাদ কৰ্মীৰ কৰ্তব্য”- এই কথা প্ৰকাশ গুৱাহাটীৰ প্ৰেছ ক্লাৱৰ।লগতে কৰোনা বিৰোধী যুদ্ধৰ সন্মুখৰ সেনানি হিচাপে সেৱা আগবঢ়োৱা সাংবাদিক- সংবাদকৰ্মী সকলৰ চাকৰি তথা ভৱিষ্যত সুনিশ্চিত কৰাটোও সংবাদ প্ৰতিষ্ঠানৰ কৰ্তৃপক্ষসমূহৰো দায়িত্ব আৰু কৰ্তব্য।
ৰাজ্যৰ প্ৰতিটো সংবাদ প্ৰতিষ্ঠানলৈ গুৱাহাটী প্ৰেছ ক্লাৱৰ গুৰুত্বপূৰ্ণ আহ্বান এই জটিল সময়ত কৰ্তব্যৰত সাংবাদিক- সংবাদকৰ্মী সকলৰ পক্ষত থাকি সাংবাদিক- সংবাদ কৰ্মী সকলৰ ভৱিষ্যত সুনিশ্চিত কৰক”।
গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সম্পাদক সঞ্জয় ৰায় এক বিজ্ঞপ্তি জৰিয়তে সকলো সংবাদ প্ৰতিষ্ঠা প্ৰতি জনাইছে মুকলি আহ্বান।
তাপৰ্যপূৰ্ণ কথা এই যে ক’ৰনা বিৰোধী সংগ্রাম খনত সংবাদ মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।ভয়-শংকাৰৰ মাজত ক’ৰনা প্ৰতিটো খবৰ যোগান ধৰি আহিছে জনতাক।কিন্তু তাৰ মাজতে ৰাজ্য কিছু সংবাদ প্ৰতিষ্ঠানে পূর্বে জাননী নিদিয়াকৈ বলপূৰ্বক ভাৱে ৰিজাইন দিবলৈ বাধ্য কৰাইছে।













