ASSAM TIMES POST
নিউজ ডেস্ক:
শেহতীয়া ভাৱে ৰাজ্যত দ্ৰুত ভাৱে ক’ৰনা আক্রান্ত সংখ্যা বৃদ্ধি পোৱা সময়তে আছে এক ভাল খবৰ।সুস্থ হৈ পুনৰ ৬ জন আক্রান্ত চিকিৎসালয় পৰা গৈছে ঘৰলৈ।শিলচৰ মেডিকেল কলেজ হাস্পতাল ৪জন আৰু গুৱাহাটী মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত ২জন সুস্থ হৈ উঠাত বৃহস্পতিবাৰে দিয়া হয় ৰিলিজ।এই কথা প্ৰকাশ কৰিলে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখ যে ৰাজ্যত এই পয্যন্ত ৫৪জন সুস্থ হৈছে। ৪জন মৃত্যু হোৱা বিপৰীতে চিকিৎসালয়ত আছে ১৫৩জন।













