ASSAM TIMES POST
নিউজ ডেস্ক:
উত্তৰ প্ৰদেশৰ পবিত্ৰ নগৰী অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ কাৰণে কাম কৰা স্থানত দেৱ-দেৱীৰ মূৰ্তি, শিৱ লিংগ আৰু পাথৰত খোদিত কাৰ্যৰ সন্ধান পোৱা গৈছে৷ এক চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে যে অযোধ্যাৰ ৰাম জন্মভূমি প্ৰাংগণত মাটি সমতলকৰণৰ সময়ত বালিশিলৰ প্ৰস্তৰ, নিদৰ্শন, দেৱ-দেৱীৰ প্ৰতিমা আৰু এটা শিৱ লিংগৰ কেইবাটাও খোদিত পোৱা গৈছে৷ যোৱা ১০ দিন ধৰি ইয়াত ভূমি সদতলকৰণৰ কাম চলি আছে৷ সেই সময়ত শ্ৰমিকে ধ্বংসস্তূপ পোৱা যায়৷
এই কাম চলি থকা সময়ত কাঠামোৰ ধ্বংসাৱশেষ আৰু বালিশিলৰ ওপৰত খোদিত কেইটামান স্তম্ভ আবিষ্কাৰ কৰা হয়৷ কুবেৰ টিলাত এটা শিৱলিংগ পোৱা যায় বুলি বিজ্ঞপ্তিটোত প্ৰকাশ৷ শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পত ৰায়ৰ তত্ত্বাৱধানত জিলি কৰ্তৃপক্ষৰ অনুমতি পোৱাৰ পাছত ৰাম জন্মভূমিত সম্প্ৰতি ভূমি সমতলকৰণৰ কাম আৰম্ভ হৈছে৷ স্মৰ্তৱ্য যে চলিত বছৰৰ মাৰ্চ মাসত ৰাম লল্লাৰ প্ৰতিমা প্ৰস্তাৱিত ৰাম মন্দিৰ নিৰ্মাণ সমাপ্ত নোহোৱা পৰ্যন্ত ৰাম জন্মভূমি অস্থায়ী মানস ভৱনৰ কাষত এটা অস্থায়ী স্থানলৈ স্থানান্তৰিত কৰা হৈছিল৷













