ASSAM TIMES POST
নিউজ ডেস্ক:
ক’ৰনা সংক্ৰমন ৰোধৰ বাবে ঘোষণা হোৱা লকডাউনৰ বাবে বিগত ৫৮ দিন দিল্লীত আৱদ্ধ হৈ আছিল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু পত্নী মণিকা বৰা।দিল্লীত আৱদ্ধ হৈ থকা পাছত বৃহস্পতিবাৰে ৰাতি গুৱাহাটীত উপস্থিত হয় পত্নীসহ বৰা।
৫৮ দিনৰ অন্তত ৰেলযোগে মাতৃ ভূমি অসমলৈ উভতে বৰা।বুধবাৰে দিল্লীৰ পৰা দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ ৰেলৰ জৰিয়তে আহি বৃহস্পতিবাৰে গুৱাহাটী ৰেল ষ্টেচনত উপস্থিত হয় বৰা।ৰেল ষ্টেচনত উপস্থিত হোৱা পাছতে অন্য যাত্ৰীক সকলৰ দৰে পত্নীসহ বৰাক লৈ যোৱা হয় সৰুসজাই লৈ।
কোৱাৰেণ্টাইন কেন্দ্ৰতে পত্নী আৰু বৰা শ্বোৱাব সংগ্ৰহ কৰি পঞ্চতাৰকা যুক্ত হোটেল ৰেডিচন ব্লুট দুইয়োকে কোৱাৰেণ্টাইন কৰা হয়।এই কথা এক ভিডিঅ বাৰ্তা জৰিয়তে প্ৰকাশ কৰিছে সভাপতি বৰাই।

উল্লেখ যে চৰকাৰৰ নিয়ম পালন কৰি কোৱাৰেণ্টাইন হোৱা বুলি উল্লেখ কৰি বৰাই লকডাউনৰ সময়ত দলৰকর্মী সকলে ৰাইজক কৰা সহায়ৰ বাবে প্ৰতিজন দলৰ কর্মীক ধন্যবাদ জনাই সভাপতি জনে।ইফালে কংগ্ৰেছৰ ফালৰ পৰা বিভিন্ন কাৰ্যসূচী কম।সময়ৰ ভিতৰতে গ্ৰহণ কৰা হব বুলি তেওঁ কয়।
গুৰুত্বপূৰ্ণ কথা এই যে শ্বোৱাবৰ ফলাফল নোপোৱা লৈকে বৰা কোৱাৰেণ্টাইন হৈ থাকিব লাগিব।













