ASSAM TIMES POST
অসমত পুনৰ বৃদ্ধি মাৰাত্মক ভাইৰাছৰ অৱস্থিতি। ২৩০জনলৈ বৃদ্ধি পালে ক’ৰোণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। আৰু ৮জন লোকৰ দেহত ধৰা পৰিছে এই মাৰাত্মক ভাইৰাছৰ অৱস্থিতি। ইয়াৰে এজন মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত চিকিৎসাধীন হৈ আছিল। এজন শিলচৰ মেডিকেল কলেজ হাস্পতালত কোৱাৰেণ্টাইন হৈ আছিল আৰু বাকী ৬জন কোৱাৰেণ্টাইন হৈ আছিল কাছাৰত। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে জনালে এই কথা।













