ASSAM TIMES POST
অসমত পুনৰ বৃদ্ধি মাৰাত্মক ভাইৰাছৰ অৱস্থিতি। ২৫৬জনলৈ বৃদ্ধি পালে ক’ৰোণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। আৰু ২৬জন লোকৰ দেহত ধৰা পৰিছে এই মাৰাত্মক ভাইৰাছৰ অৱস্থিতি।গুৱাহাটী সৰুহজাই কোৱাৰেণ্টাইন কেন্দ্ৰত আক্রান্ত হৈছে নতুন আক্রান্ত কেইজন। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে জনালে এই কথা।
# অসমত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা — ২৫৬ জন ৷
# ৰাজ্যত সম্প্ৰতি ১৯৫ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে ৷
# সুস্থ হোৱা ৰোগীৰ সংখ্যা – ৫৪
# বিয়োগ হোৱা ব্যক্তিৰ সংখ্যা – ৪
# তিনিগৰাকী ৰোগী নিজ ৰাজ্যলৈ উভতি গৈছে ৷













