ASSAM TIMES POST
ৰাজ্যত দ্ৰুতগতিত বাঢ়িছে ক’ৰোণা ভাইৰাছত আক্ৰান্তৰ লোকৰ সংখ্যা। আৰু ৩জন লোকৰ দেহত নতুনকৈ ধৰা পৰিছে কোভিড–১৯ পজিটিভ।গুৱাহাটী সৰুহজাই কোৱাৰেণ্টাইন কেন্দ্ৰত আক্রান্ত হৈছে নতুন আক্রান্ত কেইজন। ইয়াৰে এজন নগাওঁ, এজন তিনিচুকীয়া আৰুএজন শিবসাগৰৰ। এই কথা টুইটাৰযোগে জনাইছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।এতিয়ালৈকে অসমত ক’ৰোণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পালে ২৫৯জনলৈ।













