ASSAM TIMES POST
নিউজ ডেস্ক:
আলোচিত ভাৰত-নেপাল বিতর্কত জড়িত হ’ল বলিউড অভিনেত্রী মনীষা কৈৰালাৰ নাম। নেপালৰ বিদেশমন্ত্রীৰ সৈতে কণ্ঠ মিলাইছে তেওঁ। নেপাল চৰকাৰৰ দাবী, ভাৰতৰ তিনিটা স্থান তেওঁলোকৰ। ১৮ মে’ত নেপালে এখন নতুন মানচিত্র প্রকাশ কৰে। তাত ভাৰতৰ লিপুলেখ, লিমপিয়াধুৰা, কালাপানি স্থানকেইটা তেওঁলোকৰ বুলি দাবী কৰিছে।
এই বিষয়ক লৈ বিতর্ক ইতিধ্যেই তুংগত। সেই বিতর্ককেই যেন উচতনি দিয়ছে অভিনেত্রী মনীষাই। ছচিয়েল মিডিয়াত নেপালৰ বিদেশমন্ত্রীক সমর্থন কৰি তেওঁ কয়, ‘আমাৰ সৰু দেশখনৰো আত্মমর্যাদা আছে।’ নাম নধৰাকৈ চীনকো টানি আনে তেওঁ। কয়, ‘তিনিখন দেশে একেলগে বহয় এই বিতর্ক অৱসান ঘটোৱা উচিত।’
উল্লেখযোগ্য যে এসময়ৰ বলিউডৰ এক নম্বৰ অভিনেত্রীৰ দৌৰত থকা মনীষা নেপালৰ বিখ্যাত কৈৰালা পৰিয়ালৰ জীয়ৰী। তেওঁৰ ককাক আছিল নেপালৰ প্রধানমন্ত্রী। নায়িকাগৰাকীৰ পৰিয়ালৰ আৰু তিনিজন প্রধানমন্ত্রী হৈছে।
বলিউডৰ পৰা প্রচুৰ খ্যাতি অর্জন কৰিছে মনীষাই। সেই কথা অস্বীকাৰ কৰাৰ উপায় নাই। যাৰ কাৰণে মনীষাৰ বিৰোদ্ধে ক্ষুব্ধ নেটিজেনসকল। তেওঁলোকৰ মন্তব্য, ইমান দিন ভাৰতত থাকি আৰু বলিউডত কাম কৰি মনীষাই এতিয়া নেপালৰ সুৰত সুৰ মিলাব নোৱাৰে। নেপালে যি দাবী কৰিছে, সেয়া ভাৰতৰ পক্ষে অৱমাননাকৰ বুলিও তেওঁলোকৰ মত।
আনহাতে, বহু ভাৰতীয় ছচিয়েল মিডিয়াত মনীষাক ভাৰত এৰি নেপাললৈ গুচি যোৱাৰ কথা কৈছে। তেওঁলোকৰ মন্তব্য, ভাৰতত থকা বাকী নেপালীসকলো নিজৰ দেশলৈ গুচি যোৱা উচিত। অভিনেত্রীগৰাকী অৱশ্যে নিজৰ মততে অটল আছে। তেওঁ কয়, ‘নেপালৰ দৰে সৰু দেশৰো সম্মানৰ সৈতে নিজৰ দাবীসমূহ জনোৱাৰ অধিকাৰ আছে।’













