ASSAM TIMES POST
নিউজ ডেস্ক:
কেন্দ্রীয় স্বাস্থ্য মন্ত্রনালয়ৰ বুলেটিন অনুসাৰে, ২৩ মে’ শনিবাৰে পোৱা ৮টা পর্যন্ত ভাৰতত কৰোনা আক্রান্তৰ সংখ্যা ১,২৫,১০১। কোভিড-১৯ সংক্রমণত এই পৰ্যন্ত দেশত মৃত্যু হৈছে ৩৭২০ জনৰ। আৰু সংক্রমণৰ পৰশ সুস্থ হৈছে ৫১,৭৮৪ জন। অর্থাৎ দেশত এতিয়া সুস্থতাৰ হাৰ প্রায় ৪২ শতাংশ (৪১.৩৯%)।
বিগত ২৪ ঘণ্টাত দেশত কৰোনাত আক্রান্ত হৈছে ৬৬৫৪ জন। এই পর্যন্ত এয়াই সর্বাধিক বুলি জনাইছে স্বাস্থ্য মন্ত্রনালয়ে। বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ১৩৭ জনৰ। আৰু সুস্থ হৈছে ৩২৫০ জন। দেশত এতিয়া সক্ৰিয় কেছৰ সংখ্যা ৬৯,৫৯৭। কেন্দ্রীয় স্বাস্থ্য মন্ত্রনালয়ে জনাইছে, তেওঁলোকৰ এই পৰিসংখ্যা অন্যান্য ৰাজ্যৰ তথ্য আৰু আইচিএমআৰৰ তথ্যৰ সৈতে মিলাই চোৱা হৈছে।
আনহাতে, মহাৰাষ্ট্রতেই কৰোনা আক্রান্ত আৰু মৃতকৰ সংখ্যা সকলোতকৈ বেছি। কেন্দ্রীয় স্বাস্থ্য মন্ত্রনালয়ৰ তথ্য অনুসাৰি, মহাৰাষ্ট্রত কৰোনা আক্রান্তৰ সংখ্যা ৪৪,৫৮২। কোভিড-১৯ সংক্রমণত মৃত্যু হৈছে ১৫১৭ জনৰ। আৰু সুস্থ হৈ উঠিছে ১২,৫৮৩ জন। ইয়াৰ পিছতেই অছে দক্ষিণৰ ৰাজ্য তামিলনাডু। দ্বিতীয় স্থানত থকা তামিলনাডুত আক্রান্তৰ সংখ্যা ১৪,৭৫৩। মৃত্যু হৈছে ৯৮ জনৰ। আৰু সুস্থ হৈছে ৭১২৮ জন। তৃতীয় স্থানত আছে পশ্চিমৰ ৰাজ্য গুজৰাট। তাত কৰোনাত আক্রান্ত হৈছে ১৩,২৬৮ জন। কোভিড-১৯ সংক্রমণত মৃত্যু হৈছে ৮০২ জনৰ। আৰু সুস্থ হৈছেন ৫৮৮০ জন। মৃত্যুৰ সংখ্যাৰ নিৰিখত মহাৰাষ্ট্রৰ পিছতেই আছে গুজৰাট। অন্যহাতে, ৰাজধানী চহৰ দিল্লীত কৰোনা আক্রান্তৰ সংখ্যা ১২,৩১৯। চতুর্থ স্থানত থকা দিল্লীত এই পৰ্যন্ত কৰোনাত মৃত্যু হৈছে ২০৮ জনৰ। আৰু সংক্রমণৰ পৰা সুস্থ হৈছে ৫৮৯৭ জন।













