ASSAM TIMES POST
পুনৰ দ্ৰুতগতিত বাঢ়িছে ক’ৰোণা ভাইৰাছত আক্ৰান্তৰ লোকৰ সংখ্যা। নতুনকৈ আৰু ৫৩ জন লোকৰ দেহত নতুনকৈ ধৰা পৰিছে কোভিড–১৯ পজিটিভ। সৰুহজাই কোৱাৰেণ্টাইন কেন্দ্ৰত ধৰা পৰিছে ৪৪ জন, ডিমা হাছাও ত ৭ জন হোৱাৰ বিপৰীতে কাছাৰত ২জনৰ দেহত ধৰা পৰিছে কোভিড–১৯ পজিটিভ এই কথা টুইটাৰযোগে জনাইছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।যোৱা ৮ঘন্টাত ৬০জনলৈ বৃদ্ধি মাৰাত্মক ভাইৰাছ।
অসমত কোৰোণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পালে ৩১৯জনলৈ। ইয়াৰ ভিতৰত হাস্পতালত চিকিৎসাধীন হৈ আছে ২৫৮জন। ৫৪জন লোক সুস্থ হৈছে অসমত। চাৰিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিজনক ৰাজ্যৰ বাহিৰলৈ প্ৰেৰণ কৰা হৈছে।













