ASSAM TIMES POST
নিউজ ডেস্ক:
২১ মে’ৰ আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ দিনটো অসমবাসীৰ বাবে এক ভাল দিন, বিশেষকৈ চাহ উদ্যোগ খণ্ডৰ বাবে। কিয়নো এই দিনটোতে আৰম্ভ কৰা হয় দেশৰ প্ৰথমটো ডিজিটেল চাহ নিলাম কেন্দ্ৰ ‘যোৰহাট চাহ নিলাম কেন্দ্ৰ’। এতিয়া এই ডিজিটেল চাহ নিলাম কেন্দ্ৰৰ জৰিয়তে কোনো মধ্যভোগী নোহোৱাকৈ চাহৰ কিনা-বেচা কৰিব পাৰিব।দেশৰ আগশাৰীৰ ই-কমাৰ্চ প্ৰতিষ্ঠান এম জাংচনৰ উদ্যোগত আৰু ভাৰতীয় চাহ বোৰ্ডৰ সহযোগত আৰম্ভ কৰা হৈছে চাহৰ এই ই-নিলাম কেন্দ্ৰ।
উল্লেখযোগ্য যে অসমে বছৰি প্ৰায় ৭১৬ মিলিয়ন কি:গ্ৰা: চাহ উৎপাদন কৰে যি দেশৰ মুঠ উৎপাদনৰ ৫২%। আনহাতে, অসমত উৎপাদিত মুঠ চাহৰ প্ৰায় ৬০% উৎপাদন হয় উজনি অসমত।
১৯৭০ চনত গুৱাহাটীত প্ৰথমটো চাহ নিলাম কেন্দ্ৰ স্থাপন হোৱাৰ দীৰ্ঘদিনৰ মূৰত যোৰহাটত স্থাপিত এই ডিজিটেল চাহ নিলাম কেন্দ্ৰটোৱে অসমৰ চাহ ব্যৱসায়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।













