ASSAM TIMES POST
নিউজ ডেস্ক:
এক ছেকেণ্ডত ১০০০ এইচডি চিনেমা ডাউনলড৷ অবিশ্বাস্য যেন লাগিলেও সত্য৷ ইতিমধ্যে এই অবিশ্বাস্য কথাটো সত্যত পৰিণত হৈছে অষ্ট্ৰেলিয়াত৷ উল্লেখ্য যে অষ্ট্ৰেলিয়াৰ ম’নাছ, ছুইনবাৰ্ণ আৰু আৰএমআইটি বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে দাবী কৰিছে যে তেওঁলোকৰ এটা মাত্ৰ অপটিকেল চিপত ‘বৰ্তমান পৰ্যন্ত দ্ৰুততম ইণ্টাৰনেটৰ গতিৰ ৰেকৰ্ডৰ কৰিছে’৷ দলটোৱে প্ৰতি ছেকেণ্ডত ৪৪.২ টাৰাবাইট (টিবিপিএছ) ডাটা গতি লগ কৰিছে৷ এই গতিত ব্যৱহাৰকাৰীয়ে এটা বিভক্ত ছেকেণ্ডত প্ৰায় ১০০০ এইচডি চিনেমা ডাউনলড কৰিবলৈ সক্ষম হ’ব৷
এই অবিশ্বাস্য কৃতিত্ব ম’নাছৰ ড° বিল কৰ্কৰান, আৰএমআইটিৰ বিশিষ্ট অধ্যাপক আৰনান মিছেল আৰু ছুইনবাৰ্ণৰ অধ্যাপক ডেভিদ মোছৰ৷ নেতৃত্বত এটা গৱেষক দলে অৰ্জন কৰিছে৷ দলটোৱে সমগ্ৰ মেলবৰ্ণজুৰি ডাৰ্ক ৭৬.৬ কিলোমিটাৰ অপটিকেল ফাইবাৰ ব্যৱহাৰ কৰি নেটৱৰ্ক ল’ড টেষ্ট কৰিবলৈ সক্ষম হয়৷ দলটোৱে এটা ছিংগল লাইত উৎসত প্ৰতি ছেকেণ্ডত ৪৪.২ টাৰাবাইট ডাটা গতি ৰেকৰ্ড কৰিবলৈ সক্ষম হয়৷ এই দলটোৰ অনুসন্ধানবোৰ মৰ্যাদাসম্পন্ন নেচাৰ কমিউনিকেশ্যনছ জাৰ্নেলত প্ৰকাশ পাইছিল৷ য’ত কোৱা হৈছি যে এটা ডাটা অপটিক্স আৰু টিলিযোগাযোগৰ ক্ষেত্ৰত বৈপ্লবিক পৰিৱৰ্তন আনিব পাৰে৷













