ASSAM TIMES POST
নিউজ ডেস্ক:
আগন্তুক সময়ত তৎকালীনভাৱে ভাৰতে কোনো আন্তৰাষ্ট্ৰীয় ক্ৰীড়া ইভেণ্ট অনুষ্ঠিত নকৰে। আজি এই কথা ঘোষণা কৰে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰণ ৰিজিজুৱে। তেওঁ লগতে ক্ৰীড়া অনুৰাগীসকলক কৰোনাৰ পিছৰ বিশ্বত বন্ধ দুৱাৰৰ মাজতে ক্ৰীড়া কাৰ্যকলাপৰ নতুন স্বাভাৱিক পৰিবেশৰ মাজত জীয়াই থাকিবলৈ শিকিবৰ বাবে আহ্বান জনায়।
ৰিজিজুৰ এই বিবৃতিয়ে এতিয়া স্বাভাৱিকতে স্থগিত হৈ থকা আইপিএলৰ ক্ষেত্ৰত বিশেষ তাৎপৰ্য বহন কৰিছ।, কিয়নো যদি অষ্ট্রেলিয়াত অনুষ্ঠিত হ’বলগা আইচিচি টি-২০ বিশ্বকাপ বাতিল কৰা হয় তেতিয়াহ’লে বিচিচিআয়ে অহা অক্টোবৰ-নৱেম্বৰত আইপিএল অনুষ্ঠিত কৰাৰ চিন্তা-চৰ্চা কৰিছিল।
“আমি এতিয়া কিছুদিনৰ বাবে ক্ৰীড়া কাৰ্যসূচীৰ পৰা আঁতৰি থাকিব বিচাৰিছোঁ। কিন্তু তাৰ পূৰ্বে আমি অনুশীলন আৰু প্ৰশিক্ষণৰ ওপৰত চিন্তা কৰিব লাগিব।আমি তাৎক্ষণিকভাৱে টুৰ্ণামেণ্টৰ দৰে পৰিস্থিতিৰ মাজলৈ যাব নালাগে।” ক্ৰীড়া মন্ত্ৰী ৰিজিজুৱে এনেদৰে কয়।













