ASSAM TIMES POST
অসমত আৰু ১৭জনৰ দেহত কোভিড–১৯ পজিটিভ ধৰা পৰিল। নতুনকৈ আক্ৰান্ত হোৱা সকলৰ ভিতৰত চিৰাং আৰু তিনিচুকীয়া জিলাত ৪ জনকৈ, কাছাৰ আৰু হাইলাকান্দিৰ তিনিজনকৈ। চিনাক্ত হোৱা ক’ৰোণাৰ আক্ৰান্তৰ দুজন ত্ৰিপুৰাৰ।
মাজনিশা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে জনাইছে।শিলচৰ মেডিকেল কলেজত ধৰা পৰিছে কাছাৰ, হাইলাকান্দি আৰু ত্ৰিপুৰাৰ দুজনৰ দেহত ক’ৰোণাৰ অৱস্থিতি। ইয়াৰ লগে লগে ৰাজ্যত মুঠ কোৰোণাত আক্ৰান্তৰ সংখ্যা ৩৪৬জনলৈ বৃদ্ধি পালে।ইয়াৰে ৫৭জন লোক সুস্থ হৈ উঠিছে।আনহাতে, চিকিৎসাধীন হৈছে আছে ২৮২জন ৰোগী।













