ASSAM TIMES POST
অসমত পুনৰ ৪জন লোকৰ দেহত নতুনকৈ ধৰা পৰিছে কোভিড–১৯ পজিটিভ।ইয়াৰ ভিতৰত দুজন তেজপুৰত কোৱাৰেণ্টাইন হৈ থকা চিৰাং জিলাৰ আৰু দুজন যোৰহাটৰ। ৩৫০জনলৈ বৃদ্ধি পালে ক’ৰোণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।
বৰ্তমান মুঠ ২৮৬জন ৰোগী চিকিৎসাধীন হৈ আছে ৰাজ্যৰ বিভিন্ন হাস্পতালত। অসমত এতিয়ালৈ আৰোগ্য লাভ কৰিছে ৫৭জন ৰোগীয়ে। ৪জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৰাজ্যৰ বাহিৰলৈ গৈছে ৩জন লোক।













