ASSAM TIMES POST
নিউজ ডেস্ক:
২৪ ঘণ্টাত চাৰে ছয় হাজাৰৰো অধিক নতুন কৰোনা আক্রান্তৰ তথ্য পোৱা গ’ল দেশত। এই পর্যন্ত এটা দিনত সংক্রমিতৰ পৰিমাণত এয়াই সর্বাধিক। শনিবাৰে স্বাস্থ্য মন্ত্রনালয়ৰ বিবৃতিৰ পৰা জনা গৈছে, শেষ ২৪ ঘণ্টাত মৃত্যু হৈছে হৈছে ১৩৭ জন আক্রান্তৰ। সকলো মিলাই ভাৰতত মৃতকৰ সংখ্যা ৩৭২০, মুঠ সংক্রমিত ১, ২৫, ১০১। এই মুহূর্তত বিশ্বত কৰোনাৰ অভিশাপত বিপর্যস্ত দেশসমূহৰ ভিতৰত ভাৰতৰ স্থান ১৩ নম্বৰ। আৰু এতিয়া বিশ্বৰ নতুন হটস্পট হোৱাৰ দিশে আগবাঢ়িছে।
ৰাজ্য হিচাপে পৰিসংখ্যাত, মহাৰাষ্ট্র সকলতকৈ ওপৰত আছে। বিগত ২৪ ঘণ্টাত তাত ২৯৪০ জন নতুনকৈ কৰোনা পজিটিভ হয়। ইয়াৰ ভিতৰত আছে মুম্বাইৰ ধাৰাভি বস্তিৰ ৫৩ জনো। মৃতকৰ ভিতৰত ১৮ জন আৰক্ষীৰ লোকো আছে বুলি খবৰ লাভ কৰা গৈছে।
তামিলনাডুৰ অৱস্থাও শোচনীয়। বিগত ২৪ ঘণ্টাত তাত ৭৮৪ জন নতুনকৈ আক্রান্ত হৈছে। দিল্লীত কনটেইনমেন্ট এলেকাৰ সংখ্যা এটা দিনতাৰ ৭৯ৰ পৰা বাঢ়ি হৈছে ৯২। আজি দিল্লী এইমছৰ এজন বর্ষীয়ান চিকিৎসকৰো কৰোনাত মৃত্যু হয়। নতুনকৈ ৫৯১ জন আক্রান্ত হৈছে ৰাজধানীত।
উল্লেখ্য, স্বাস্থ্যমন্ত্রী হর্ষ বর্ধনে শুক্রবাৰেই দাবী কৰিছিল, ভাৰতে আগৰে পৰা ব্যৱস্থা গ্ৰহণ কৰি পৰিস্থিতি ভালদৰে চম্ভালিছে। তাৰ পিছতেই এই দিনৰ ৰেকর্ড বৃদ্ধি।













