ASSAM TIMES POST
অসমত মাৰাত্মক হাৰত বৃদ্ধি কোভিড–১৯ পজিটিভ। পুনৰ ২০ জন লোকৰ দেহত ধৰা পৰিছে এই মাৰাত্মক ভাইৰাছৰ অৱস্থিতি।ৰাজ্যত ৩৭৮ জনলৈ বৃদ্ধি পালে ক’ৰোণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।
শেহতীয়াকৈ আক্ৰান্ত ২০জনৰ ৫জন কামৰূপৰ, চাৰিজন হোজাইৰ, দুজন কামৰূপ মেট্ৰ’ৰ, দুজন নগাঁৱৰ, ৬জন নলবাৰীৰ আৰু এজন মৰিগাঁৱৰ। এই কথা টুইটাৰযোগে জনাইছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।













