ASSAM TIMES POST
নিউজ ডেস্ক:
ধর্ম নিৰপেক্ষ ভাৰতত মানৱীয়তা আৰু সম্প্ৰীতিৰ সুন্দৰ নিদৰ্শন দেখুৱালে বৈষ্ণুদেৱী মন্দিৰৰ ব’ৰ্ডে৷ পবিত্ৰ ৰমজান মাহতে দেখুৱালে মানৱীয়তা আৰু সম্প্ৰীতিৰ নিদৰ্শন৷ এই ৰমজান মাহতে বৈষ্ণুদেৱী মন্দিৰৰ দায়িত্বত থকা ব’ৰ্ডে ৰমজানৰ পবিত্ৰ মাহত ৫০০ মুছলিম লোকৰ বাবে শেৰি আৰু ইফটাৰৰ ব্যৱস্থা কৰে৷ উল্লেখ্য যে ক’ৰোনাৰ বাবে সলনি হৈছে দেশৰ ছবি৷ তাকে লৈ দেশবাসী চিন্তিত৷ আনহাতে ক’ৰোনাত আক্ৰান্তৰ সংস্পৰ্শলৈ আহিলেই ১৪ দিন ঘৰ এৰিব লাগিব৷ থাকিব লাগিব কোৱাৰেণ্টাইন চেণ্টাৰত৷ চৰকাৰক বিভিন্ন বেচৰকাৰী সংস্থা, ধৰ্মীয় সংগঠন আদিয়ে কোৱাৰেণ্টাইন চেণ্টাৰ স্থাপন কৰিবলৈ ঠাই এৰি দিছে৷ ইয়াৰ ব্যতিক্রম নহয় বৈষ্ণুদেৱী শাৰিণ ব’ৰ্ড৷ ব’ৰ্ডৰ আৰ্শীবাদ ভৱনতো মাৰ্চ মাহতে কোৱাৰেণ্টাইন চেণ্টাৰলৈ ৰূপান্তৰিত কৰিছিল৷ তাৰ লগতে তাত থকা মুছলিম লোকসকলৰ বাবে ৰমজান মাহত শেৰি আৰু ইফটাৰৰ ব্যৱস্থা কৰা হৈছিল৷
কাৰো যাতে খোৱাৰ সমস্যা নহয় তাৰ বাবে প্ৰতি সময়তে ব’ৰ্ডে তদাৰক কৰিছিল৷ ছ’চিয়েল মিডিয়াত সেই ভিডিঅ’ প’ষ্ট কৰিছিল দুৰদৰ্শন চেনেলে৷ তেতিয়া দেখা গৈছিল সামাজিক দূৰত্ব ৰক্ষা কৰি প্ৰত্যেকে খোৱা সামগ্ৰী সংগ্ৰহ কৰিছিল৷ ভিডিঅ’টো ভাইৰেল হৈ পৰে৷ সকলোৱে প্ৰশংসাৰে উপচাই দিয়ে৷ সংকটৰ দিনত ধৰ্মক পাহৰি যিদৰে সকলো একগোট হ’ল তাকে লৈ বহু লোকে প্ৰশংসা কৰে৷ ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া ৰমেশ কুমাৰে কয়, আমাৰ আৰ্শীবাদ ভৱনটো কোৱাৰেণ্টাইন চেণ্টাৰলৈ বদলি কৰা হৈছে৷ ইয়াত ৫০০ বিচনা আছে৷
ৰমজান মাহ উপলক্ষে জম্মু আৰু কাশ্মীৰ চৰকাৰে বিভিন্ন ৰাজ্যত আবদ্ধ হৈ থকা লোকক ঘৰলৈ আনিছে৷ ইয়াত ৫০০ বিচনা আছে৷ তেওঁলোকক কোৱাৰেণ্টাইন চেণ্টাৰৰ প্ৰয়োজন হৈছে৷ সেইবাবে এই উদ্যোগ লোৱা হৈছে৷ যিসকল ইয়াত ৰৈছে তাৰ অধিকাংশই শ্ৰমিক৷ তেওঁলোকৰ বাবে প্ৰতিদিনেই শেৰি আৰু ইফটাৰৰ ব্যৱস্থা কৰা হৈছে৷













