ASSAM TIMES POST
মাত্ৰ কেইটামাত্ৰ মূৰ্হূতৰ পাছতেই সমগ্ৰ দেশত উদযাপন হ’ব পৱিত্ৰ ঈদ-উল-ফিতৰ। ক’ৰোনাৰ সংকটৰ মাজতে ঈদ-উল-ফিতৰৰ ইছলামধৰ্মী লোকসকলৰ মাজত ব্যাপক উৎসাহ-উল্লাস পৰিলক্ষিত হৈছে। জামা মছজিদৰ শ্বাহী ইমান চৈয়দ আহমদ বুখাৰীয়ে সদৰি কৰিছে যে, আকাশত ইতিমধ্যে প্ৰত্যক্ষ হৈছে ঈদৰ জোন, আজি সমগ্ৰ দেশে উদযাপন কৰিব ঈদ।

ভাৰতত ২৪মে’তহে আকাশত ঈদৰ জোন প্ৰত্যক্ষ কৰা হৈছে আৰু ২৫ মে’ত (আজি ) ইছলামধৰ্মী লোকসকলে উদযাপন কৰিব ঈদ-উল-ফিতৰ।এই বৰ্ষত ক’ৰোনাই সৃষ্টি কৰা পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশত প্ৰায় সকলো মছজিদে এইবাৰৰ সমূহীয়া নামাজৰ অনুষ্ঠান বাতিল কৰিছে।সংকটৰ এই সময়ত শংকিত নহৈ ঘৰতে থাকি ঈদৰ সকলো নীতি-নিয়ম সূচাৰুৰূপে পালন কৰাৰ আহ্বানেৰে আছাম টাইমচ পষ্টৰ তৰফৰ পৰাও সকলোলৈ ঈদৰ শুভেচ্ছা।













