ASSAM TIMES POST
ৰাজ্যত দ্ৰুতগতিত বাঢ়িছে ক’ৰোণাত আক্ৰান্তৰ সংখ্যা , আৰু ৩৫জন লোকৰ দেহত ধৰা পৰিছে কোভিড–১৯ পজিটিভ। মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ৪২৭জনলৈ।
নতুনকৈ আক্ৰান্ত হোৱা ৩৫জনৰ ভিতৰত ১৮জন গোলাঘাটৰ, ৬জন কোকৰাঝাৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ, ৫জন কৰিমগঞ্জৰ, দুজন তিনিচুকীয়াৰ, দুজন শিৱসাগৰৰ, এজন যোৰহাটৰ আৰু এজন ধেমাজিৰ। বৰ্তমান অসমত ৩৬৩জন লোক চিকিৎসাধীন হৈ আছে বিভিন্ন হাস্পতালত। চাৰিজনৰ মৃত্যু হোৱাৰ বিপৰীতে সুস্থ হৈছে ৫৭জন।













