ASSAM TIMES POST
নিউজ ডেস্ক:
ক’ৰোনা ভাইৰাছৰ আক্ৰান্তৰ মুঠ সংখ্যাই ইৰানক পিছ পেলালে ভাৰতে৷ এতিয়া ক’ৰোনা আক্ৰান্তৰ শীৰ্ষ দেশবোৰৰ তালিকাত সোমাল ভাৰত৷ উল্লেখ্য যে ক’ভিডে-১৯ত আক্রান্তৰ হিসাপত আমেৰিকা, ব্রাজিল, ৰাছিয়া, ব্রিটেইন, স্পেইন, ইটালী, ফ্রান্স, জার্মানী, তুৰস্কৰ পাছত আছে ভাৰত। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ে দিয়া তথ্য মতে যোৱা ২৪ ঘণ্টাত দেশত আক্ৰান্ত হৈছে ৬৯৭৭জন৷
দেশত সৰ্বাধিক আক্ৰান্ত হোৱা ৰাজ্যকেইখন হ’ল মহাৰাষ্ট্ৰ, তামিলনাডু, গুজৰাট আৰু দিল্লী৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দিয়া হিচাপ মতে যোৱা ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ১৫৪জনৰ৷ দেশখনত ক’ভিড-১৯ত মুঠ মৃত লোকৰ সংখ্যা হ’ল ৪০২১ জন৷ ইয়াৰ ভিতৰত কেৱল মহাৰাষ্ট্ৰতে ১৬৩৫, গুজৰাটত ৮৫৮ জনৰ মৃত্যু হৈছে৷













