ASSAM TIMES POST
নিউজ ডেস্ক:
দেশত দুমাহতকৈ বেছি দিন বিমান সেৱা বন্ধ হৈ আছিল৷ সোমবাৰৰ পৰা অন্তৰ্দেশীয় বিমান সেৱা আৰম্ভ কৰা হৈছে৷ এই বিমান সেৱা আৰম্ভ কৰাৰ আগতেই মুম্বাই বিমান বন্দৰত দুজন শুল্ক বিষয়াৰ নমুনা পৰীক্ষাত ক’ৰোনা ধৰা পৰে৷ দীৰ্ঘ দিনৰ পাছত অন্তৰ্দেশীয় বিমান সেৱা সোমবাৰৰ পৰা আৰম্ভ হৈছে৷
তাতে প্ৰথম দিনাই অঘটন ঘটিল৷ দিল্লী, মুম্বাই, বেংগালুৰুসহ একাধিক বিমান বন্দৰত বহু বিমান বাতিল হৈছে৷ ফলত সমস্যাত পৰিছে যাত্ৰী৷ উল্লেখ্য যে বিমানৰ ভাৰা সাত ভাগৰ এভাগ কৰা হৈছে৷ ন্যূনতম দুহেজাৰ টকা আৰু সর্বোচ্চ ভাড়া ১৮ হাজাৰ ৬০০ টকা৷ ভাড়াৰ মূল্য নিৰ্ভৰ কৰিছে যাত্ৰাৰ সময়ৰ ওপৰত৷













