ASSAM TIMES POST
নিউজ ডেস্ক:
ক’ৰোনা ভাইৰাছ প্ৰাদুৰ্ভাৱক লৈ সমগ্ৰ বিশ্বই চীনক দোষাৰোপ কৰে৷ কিন্তু ক’ৰোনা ভাইৰাছক লৈ গৱেষণা কৰিলেও ক’ভিড-১৯ ভাইৰাছ বিয়পোৱাত তেওঁলোকৰ কোনো ভূমিকা নাই৷বুলি৷জানিবলৈ৷দিয়ে উহান৷ইনষ্টিটিউট অব ভাইৰ’লজীৰ সঞ্চালক ওয়াং ইয়েনিয়ে৷ তেওঁ জনাইছে যে বাদুলিৰ শৰীৰত থকা ক’ৰোনা ভাইৰাছ লাইভ ষ্ট্ৰেইন কৰি তেওঁলোকে গৱেষণা কৰিছিল৷ উহানৰ গৱেষণাগাৰত এতিয়াও তিনিটা ষ্ট্ৰেইন আছে৷ কিন্তু তাৰ ভিতৰত এটাৰো লগত প্ৰাণঘাতক ক’ভিড-১৯ ভাইৰাছৰ মিল নাই৷ ডিচেম্বৰৰ শেষৰ ফালে চীনৰ উহানত ক’ৰোনা ভাইৰাছ প্ৰথম ধৰা পৰে৷ তাৰ পাছত লাহে লাহে সমগ্ৰ বিশ্ব বিয়পি পৰে এই প্ৰাণঘাতক ভাইৰাছ৷ মূলত বাদুলিৰ শৰীৰৰ পৰাই এই ভাইৰাছ বিয়পিছে বুলি বিজ্ঞাসকলে ধাৰণা কৰে৷
তাতে উহানৰ এই গৱেষণাগাৰৰ ওপৰত অভিযোগৰ আঙুলি উঠিবলৈ আৰম্ভ কৰে৷ ইয়াকে লৈ সৰ্বত্ৰে আলোচনা হৈ থকা সময়ত সেই অভিযোগ নস্যাৎ কৰে ওয়াং ইয়েনিয়ে৷ তেওঁ কয় যে এই গৱেষণাগাৰৰ পৰা কোনো কাৰণতে ভাইৰাছটো বিয়পি যোৱা নাই৷ যোৱা ১৩ মে’ত ৰাষ্ট্ৰীয় চেনেল চিজিটিএনৰ মুখামুখি হৈছিল ওয়াং৷ যোৱা শনিবাৰে এই মুখামুখি সম্প্ৰচাৰ হয়৷ ক’ভিড-১৯ৰ সৈতে মিল নাই বুলি দাবী কৰি ওয়াঙে জনাই যে বাদুলিৰ শৰীৰত থকা জীৱন্ত ক’ৰোনা ভাইৰাছ লৈ গৱেষণা চলিছিল৷
এই মুহূৰ্তত গৱেষণাগাৰত তিনিটা লাইভ ষ্ট্ৰেইন আছে৷ কিন্তু চাৰ্চ-ক’ভিড-২ৰ সৈতে সেইবোৰ ৭৯.৮ শতাংশ মিল আছে৷ ওয়াং ইয়েনিৰ সৈতে গৱেষণাত জড়িত অধ্যাপক ছি ঝেংগিয়ে জনাই যে দুটা দশকৰ আগেয়ে প্ৰাণঘাতক ছিভিয়াৰ একিউট ৰেছপিৰেটৰি চিণ্ড্ৰোম (চাৰ্চ)ক শেষ কৰি দিয়া হৈছে৷ তাৰ উৎপত্তি ২০০৪ চন৷ ক’ৰোনা ভাইৰাছ লৈ তেওঁলোকে গৱেষণা কৰিছে৷ কিন্তু চাৰ্চ-ক’ভিড-২ আৰু চাৰ্চৰ মাজত ৮০ শতাংশ মিল পোৱাৰ কথা তেওঁ জনায়৷













