ASSAM TIMES POST
নিউজ ডেস্ক:
গুৱাহাটী পঞ্চতাৰকা হোটেল ৰেডিচন ব্লুট কোৱাৰেণ্টাইন হৈ থকা অসম প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰা আৰু পত্নী মণিকা বৰা ক’ৰনা টেষ্টৰ ফলাফল আহিল।দুয়োজনৰে স্বোৱাব টেষ্টৰ ফলাফল নেগেটিভ অহাত দিয়া হয় ঘৰলৈ যাবলৈ।এই কথা প্ৰকাশ কৰিছে সভাপতি ৰিপুন বৰাই।
উল্লেখ যে দিল্লীৰ পৰা আহি চাৰিদিন ধৰি হোটেল ৰেডিছন ব্লুত কোৱাৰেণ্টাইনত হৈ আছিল বৰা।ফলাফল অহা পাছতে স্বাস্থ্য বিভাগে আমাক ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰে দুয়োকে।

যোৱা ২৪মার্চত ঘোষণা হোৱা লকডাউনৰ বাবে দিল্লীত ৫৮ দিন আবদ্ধ থাকি যোৱা ২২ মে’ত ৰেলৰ জৰিয়তে গুৱাহাটীত উপস্থিত হৈছিল পত্নীসহ বৰা।
ইফালে ঘৰলৈ যাবলৈ দিয়া হৈছে যদিও স্বাস্থ্য বিভাগৰ নিয়ম অনুসৰি আজিৰ পৰা আৰু দহ দিন হোম কোৱাৰেণ্টাইনত থাকিব লাগিব তেওঁলোক।













