ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমত পুনৰ বৃদ্ধি মাৰাত্মক ভাইৰাছৰ অৱস্থিতি। সোমবাৰৰ দিনটোত যেন ৰাজ্যত ভয়ংকৰ ৰূপ লৈছে ক’ৰোণাৰ সংক্ৰমণে। নতুনকৈ আৰু ৪৮ জন আক্ৰান্ত হ’ল ক’ৰোণা ভাইৰাছত। নতুনকৈ আক্ৰান্ত হোৱাৰ ভিতৰত কৰিমগঞ্জৰ ১৬ জন, লখিমপুৰৰ ৮ জন, গুৱাহাটীৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ ৮ জন, কাছাৰৰ ৫ জন, হাইলাকান্দিৰ ৪ জন, দক্ষিণ শালমৰাৰ ৩ জন, নলবাৰীৰ দুজন আৰু মৰিগাওঁ, গোৱালপাৰাৰ এজন।ইয়াৰ লগে লগে ৰাজ্যত ৫১৪ জনলৈ বৃদ্ধি পালে ক’ৰোণাত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা।
তাৰে ভিতৰত ৪৪৫ জন চিকিত্সাধীন হৈ আছে।যদিও ৰাজ্যত ক’ৰোণাত আক্ৰান্তৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাইছে, তাৰ সমান্তৰাল ভাবে সুস্থ হৈ উঠিছে ৰাজ্যত ক’ৰোণাত আক্ৰান্ত হোৱা ৰোগীসকল।সোমবাৰে সুস্থ হৈ উঠিল পাঁচগৰাকী ক’ৰোণাত আক্ৰান্ত।
তাৰে তিনিগৰাকীক স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সোমবাৰে গুৱাহাটী চিকিত্সা মহাবিদ্যালয়ৰ পৰা ৰিলিজ দিয়া হয়।ৰিলিজ দিয়া সকল হ’ল- নিতুল সাউদ, চম্পা বৰা (শিশু) আৰু বাসুদেৱ পাটোৱাৰী। তিনিওগৰাকী চিকিৎসাধীন হৈ আছিল GMCHত।মুম্বাইৰ পৰা আহিছিল তিনিওগৰাকী। ইয়াৰ লগে লগে ৰাজ্যত এতিয়ালৈকে ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হ’ল ৬২ জন লোক।













