ASSAM TIMES POST
নিউজ ডেস্ক:
বহিৰাজ্য পৰা অহা যাত্ৰীৰ সংখ্যা প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীত বৃদ্ধি কৰা হৈছে কোৱাৰেণ্টাইন কেন্দ্ৰ। বহি:ৰাজ্য পৰা অহা অসমৰ যাত্ৰী সকলৰ বাবে স্বাস্থ্য বিভাগৰ নির্দেশত গুৱাহাটীৰ মহানগৰ জিলা প্ৰশাসনে ঐতিহাসিক কটন বিশ্ববিদ্যালয়ৰ সকলো ছাত্ৰাবাস আৰু ছাত্ৰীবাস ব্যৱহাৰ কৰিব কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে।কামৰূপ(ম) জিলা প্ৰশাসনে এই কথা অৱগত কৰিছে এক জাননী জৰিয়তে।
ইফালে কামৰূপ(ম) জিলা প্ৰশাসনে প্ৰকাশ কৰা জাননী কাৰ্যকৰি ৩দিনৰ পাছত কৰিবলৈ আহ্বান জনাইছে হোষ্টেলৰ ছাত্ৰ-ছাত্ৰী সকলে।প্ৰাক্তন ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক তথা মহেন্দ্ৰ নাথ ডেকা ফুকন ছাত্ৰা আৱাসৰ বাসিন্দা প্ৰাঞ্জল কলিতাই ছাত্ৰ-ছাত্ৰীৰ সকলৰ হৈ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ টুইট যোগে জনাইছে বিশেষ আহ্বান।তেওঁ টুইটটোত উল্লেখ কৰিছে এইদৰে “মহাশয় নমস্কাৰ গ্ৰহণ কৰিব। ক’ৰনা বাবে কটনৰ হোষ্টেল সমূহ যিহেতু কোৱাৰেণ্টাইন চেণ্টাৰ কৰিবলৈ বিচৰা হৈছে।যিহেতু হোষ্টেলৰ আবাসীসমূহ ঘৰত আছে আৰু সকলোৰে বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ হোষ্টেলত এৰি আহিছে।সেইয়েহে হোষ্টেল খালি কৰিবলৈ অন্ততঃ ৩দিন সময় দিয়ক”।
তাপৰ্যপূৰ্ণ কথা এই যে বিশ্ববিদ্যালয় প্ৰশাসনে আৰু জিলা প্ৰশাসনে ছাত্ৰ-ছাত্ৰী সকলক মঙলবাৰৰ বিয়লি চাৰি বজালৈ সময় বান্ধি দিছে হোষ্টেল খালি কৰা বাবে।কিন্তু ৰাজ্য বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীৰ সকল যোৱা ২৪মার্চ পৰা হোষ্টেল সমূহ বন্ধ হোৱা বাবে নিজ নিজ ঘৰত আছেগৈ।যিটো নেকি মংগলবাৰ অৰ্থাৎ কালিলৈ আবেলি হোষ্টেল সমূহত থকা প্রয়োজনীয় নথি-পত্ৰ সমূহ আজৰি কৰাতো সম্ভৱ নহব-প্ৰাঞ্জলে লগতে কয়।
গুৰুত্বপূৰ্ণ কথা এই যে বহিৰাজ্য পৰা যাত্ৰীৰ আগমন বৃদ্ধি পোৱা প্ৰতি লক্ষ্য ৰাখি কোৱাৰেণ্টাইন কেন্দ্ৰ বৃদ্ধি বাবে তৎপৰ হৈছে প্ৰশাসন।













