ASSAM TIMES POST
নগাঁও:
আজি বিয়লি প্ৰায় ৩ বজাত নগাওঁ চহৰৰ ধিং গেটৰ মোল্লাপট্টিত হোৱা এক মাৰপিটৰ ঘটনাত এজন লোকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা মতে মোল্লাপট্টিৰ নাজিৰ খান ওৰফে কালা আৰু ছহিদুল ইছলাম নামৰ লোক দুজনৰ মাজত কিবা কথাত তৰ্কা-তৰ্কি হয়। এই তৰ্কা-তৰ্কিয়েই পিছত হতাহতিলৈ ৰূপান্তৰিত হয়। দুইজনৰ মাজত সংঘটিত হোৱা হতাহতিৰ ফলত ছহিদুল ইছলাম মাটিত ঢলি পৰে। তেওঁক লগে লগে নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।
স্থানীয় একাংশ লোকে ছহিদুলৰ বুকুত নাজিৰ খানে প্ৰচণ্ড গোৰ মৰাৰ বাবেই ছহিদুলৰ মৃত্যু হয় বুলি অভিযোগ কৰে। আন একাংশৰ মতে দুয়োজনৰ মাজত হোৱা হতাহতিৰ ফলত দুৰ্ভাগ্য বশতঃ ছহিদুল মাটিত বাগৰি পৰাৰ ফলত ছহিদুলৰ মৃত্যু হয়। কি পৰিস্থিতিত এই লোকদুজনৰ মাজত হতাহতি সংঘটিত হল সেয়া জানিব পৰা হোৱা নাই। আৰক্ষীৰ সঠিক তদন্তত হে ইয়াৰ প্ৰকৃত কাৰণ পোহৰলৈ অহাৰ সম্ভাৱনা আছে। ইতিমধ্যে আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত নাজিৰ খানক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।













