ASSAM TIMES POST
অসমত ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৫৪৮ জনলৈ বৃদ্ধি। দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ৰোণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। ৰাজ্যত নতুনকৈ ৯জনৰ দেহত ধৰা পৰিছে মাৰাত্মক ভাইৰাছৰ অৱস্থিতি। । আটাইকেইজনৰে ছোৱাব টেষ্ট কৰাৰ আগতেই কোৱাৰেণ্টাইন কৰা হৈছিল।আটাইকেইজন বৰপেটা জিলাৰ৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে জনালে এই কথা।বৰ্তমান ৪৭৯ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ৬২জন।













