ASSAM TIMES POST
নিউজ ডেস্ক:
অসমত ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৫৯৫ জনলৈ বৃদ্ধি। দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ৰোণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। ৰাজ্যত নতুনকৈ ৪৭ জনৰ দেহত ধৰা পৰিছে মাৰাত্মক ভাইৰাছৰ অৱস্থিতি। । ইয়াৰে ২১ গৰাকী গোলাঘাটৰ, ৪ গৰাকী লখিমপুৰৰ, ৮ গৰাকী মৰিগাঁৱৰ, ৩ গৰাকী গোৱালপাৰাৰ, ১ গৰাকী হোজাইৰ, ১ গৰাকী এম এম চি এইছৰ, ২ গৰাকী জি এম চি এইচৰ, ২ গৰাকী কাৰ্বি আংলঙৰ আৰু ৫ গৰাকী নগাঁৱৰ।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে জনালে এই কথা। বৰ্তমান ৫২৬ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ৬২জন।













