ASSAM TIMES POST
নিউজ ডেস্ক:
লকডাউনৰ মাজতে আজিৰে পৰা ৰাজ্য চৰকাৰী আৰু স্বীকৃতপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয়বর্ষ ছাত্ৰ-ছাত্ৰীক যোগান ধৰা হব বিনামূলীয়া পাঠ্যপুথি।নিজৰ নিজৰ বিদ্যালয় মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলক অহা ২৮ মে’লৈকে যোগান ধৰা পাঠ্যপুথি।এই কথা অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগে এক জাননী জৰিয়তে প্ৰকাশ কৰিছে।
উল্লেখ যে লকডাউনৰ বাবে ছাত্ৰ-ছাত্ৰী সকলে পাঠ্যপুথি লাভ কৰা পৰা বঞ্চিত হৈ আছিল।
আনহাতে জাননী খনত প্ৰকাশ পোৱা অনুসৰি ছাত্ৰ-ছাত্ৰীৰ সকলে কোভিড-১৯ৰ সকলো স্বাস্থ্যসন্মত বিধান মানি চলি নিজ শিক্ষানুষ্ঠান অথবা নিৰ্ধাৰিত স্থানৰ সংগ্ৰহ কৰিব লাগিব পাঠ্যপুথি।













