ASSAM TIMES POST
নিউজ ডেস্ক:
আজি অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ ৰাজ্যিক কেবিনেট।বৈঠকত গ্ৰহণ কৰা হয় বহুকেইটা নতুন সিদ্ধান্ত।বৈঠকৰ অন্তত সিদ্ধান্ত সমূহৰ কথা ঘোষণা কৰে মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে । সেই অনুসৰি –
ৰাজ্যত ক’ৰনা সামূহিক সংক্ৰমন ৰোধৰ বাবে কোৱাৰেণ্টাইন নীতি-নিয়ম কঠোৰ ভাৱে প্ৰয়োগ হব।বাহিৰৰ পৰা কোনো লোকক কোৱাৰেণ্টাইনত নথকাকৈ ঘৰলৈ যাবলৈ দিয়া নহব।
শোণিতপুৰৰ কন্যকা বহুমুখী পামলৈ ১১৭৬ বিঘা ভূমি আৱমন্ট।
ৰাজ্য লোকবাদ্য শিল্পী বিশেষকৈ ঢুলীয়া, নাগাৰা নাম, বেণ্ড পাৰ্টী, ওজা পালি আদি শিল্পী সকললৈ এপ্ৰিল, মে’ আৰু জুন মাহত ২০০০ টকাকৈ প্ৰদান কৰা হব আৰ্থিক সাহায্য।
বানত ক্ষতিগ্ৰস্ত সকলক সাহায্য ব্যৱস্থাপনা বিধি অনুসৰি সাহায্য বিতৰণ ব্যৱস্থা।লগতে পয্যাপ্ত সামগ্ৰী মজুত কৰি ৰখা সমান্তৰালকৈ মথাউৰি সমূহ মেৰামতি বাবে জিলা উপায়ুক্ত সকলক নির্দেশ।
ক’ৰনাৰ তদাৰকৰ বাবে নিয়োগ কৰা মন্ত্ৰীসকলে বান পৰিস্থিতি সেইসমূহ জিলাত তদাৰক কৰিব।
বহিৰাজ্যত থকা আৱদ্ধ হৈ থকা ৩.৬১ লাখ লোকক এপ্ৰিল, মে’ আৰু জুন মাহত ২০০০ টকাকৈ দিয়া সিদ্ধান্তক আজি কেবিনেটে অনুমোদন জনাই।













