ASSAM TIMES POST
ৰাজ্যত ৬০০ অতিক্ৰম ক’ৰোনা ৰোগীৰ সংখ্যা। পুনৰ ১৯ গৰাকী ব্যক্তিৰ দেহত ক’ভিড–১৯ পজিটিভ চিনাক্ত হৈছে, ইয়াৰ সৈতে ৰাজ্যত বৰ্তমানলৈকে আক্ৰান্ত ৰোগীৰ সংখ্যা ৬১৬ লৈ বৃদ্ধি পায়।আক্ৰান্ত হোৱা ব্যক্তিকেইগৰাকী ভিতৰত ৭গৰাকী কৰিমগঞ্জ, ৫গৰাকী গোৱালপাৰাৰ, তিনিগৰাকী গুৱাহাটীৰ, আৰু ধুবুৰী, হাইলাকান্দি, ওদালগুৰি, লখিমপুৰ জিলাৰ একোগৰাকীকৈ লোক ক’ৰোনাত আক্ৰান্ত হৈছে।টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।













