ASSAM TIMES POST
নিউজ ডেস্ক:
এটা মছজিদ। ইতিহাস প্ৰসিদ্ধ এই মছজিদটো। কিন্তু বুঢ়ালুইতত হেৰাই গ’ল স্বাধীনতাৰ পূৰ্বে নিৰ্মিত এই মছজিদটো। হয়, কলিয়াবৰৰ ২নং বৰঘূলিৰ মছজিদটোৰ কথাই ক’ব বিচাৰিছোঁ। হেৰাই গ’ল চিৰ দিনৰ বাবে এই মছজিদটো।
এটা যেন অভিশপ্ত অঞ্চল। ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ গৈছে অঞ্চলটোৰ ৪খনকৈ স্কুল। তাকো খোদ জলসম্পদ বিভাগৰ মন্ত্ৰীৰ সমষ্টিত।
উন্নয়ন আৰু বিকাশৰ শ্লোগান তথা দুৰ্নীতিত শূন্য সহনশীলতাৰ বাণীৰে দিছপুৰৰ শাসন দখল কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে চলিত বৰ্ষৰ ৩১ মে’ৰ ভিতৰত জলসম্পদ বিভাগক গৰাখহনীয়া প্ৰতিৰোধৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু স্বয়ং জলসম্পদ মন্ত্ৰীৰ সমষ্টিতে এতিয়াও সম্পূৰ্ণ হোৱা নাই মথাউৰি নিৰ্মাণৰ কাম।
জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ সমষ্টি সমষ্টি কলিয়াবৰৰ অন্তৰ্গত বৰঘূলিত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে আবন্টন হৈছিল ১৯ কোটি টকাৰ জিঅ’ বেগ আঁচনি। কিন্তু সময় সীমা উকলিবৰ হ’ল যদিও সেয়া সম্পূৰ্ণ নহ’ল। ফলত ব্ৰহ্মপুত্ৰৰ খহনীয়াই বৰ্তমান সংহাৰী ৰূপ লোৱাত এক প্ৰকাৰ দিশহাৰা হৈ পৰিছে বৰঘূলিৰ ৰাইজ। নিতৌ ব্ৰহ্মপুত্ৰত জাহ গৈ আছে বহু বিঘাই বিঘাই মাটি। ঘৰ-বাৰী, খেতি-পথাৰ হেৰুৱাই এতিয়া জুৰুলা হৈ পৰিছে খাটি খোৱা কৃষক ৰাইজ।
স্থানীয় ৰাইজৰ অভিযোগ, বিভাগীয় বিষয়াসকলে কমিচনৰ বিনিময়ত দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰসকলৰ সৈতে মিতিৰালি পাতি তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা নলয়। ইয়াৰ ফলতেই সোমবাৰৰ পৰা পৰা ভয়ংকৰ ৰূপ লোৱা ব্ৰহ্মপুত্ৰৰ খহনীয়াই মঙ্গলবাৰে খহাই নিয়ে ২নং বৰঘূলিৰ স্বাধীনতাৰ পূৰ্বতে প্ৰতিষ্ঠিত মছজিদটো। খহনীয়াত জাহ গৈ লুইতৰ বুকুত উটি যোৱাৰ পূর্বে ৰাইজৰ মৰমৰ মছজিদটোত যেতিয়া শেষবাৰৰ বাবে আজান দিয়া হয়, তেতিয়া বৰঘূলিবাসীৰ মাজত ক্ৰন্দনৰ ৰোল উঠে।













