ASSAM TIMES POST
নিউজ ডেস্ক:
কৰোনা মহামাৰীৰ মাজতেই বতাহত যুদ্ধৰ গোন্ধ। নেপথ্যত আগ্রাসী চীন। যুদ্ধৰ হুংকাৰ দি মঙ্গলবাৰে দেশৰ সেনাবাহিনীক সাজু হোৱাৰ নির্দেশ দিলে চীনৰ ৰাষ্ট্ৰপতি চি জিনপিঙে। ‘ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বার্থত’ কৰোনা বাধা-নিষেধ আঁতৰাই ৰঙা সেনাক অবিলম্বে আখৰা আৰম্ভ কৰাৰ নির্দেশ দিছে তেওঁ।
চীনৰ ৰাষ্ট্রীয় টেলিভিছনত প্রকাশিত প্রতিবেদনত কোৱা হৈছে, “ৰাষ্ট্ৰীয় সার্বভৌমত্ব ৰক্ষাত ৰঙা সেনাক অধিক শক্তিশালী আৰু যুদ্ধৰ বাবে সাজু কৰিবলৈ প্রশিক্ষণ এই মুহূর্তত খুব প্রয়োজনীয় হৈ উঠিছে” বুলি মন্তব্য কৰিছে দেশখনৰ ৰাষ্ট্ৰপতি চি জিনপিঙে।
চীনৰ আগ্রাসী মনোভাবত আন্তর্জাতিক ভূ-ৰাজনীতি ক্রমশ উত্তপ্ত হৈ উঠিছে। পূর্ব প্রতিশ্রুতি ভংগ কৰি ভাৰতত অনুপ্ৰবেশৰ চেষ্টা কৰিছে ৰঙা সেনাই। পূৰ্বে লাডাখৰ লাইন অফ একচুৱেল কনট্রোলৰ (LAC) ওচৰৰ এলেকাত ইতিমধ্যে দুইৰ পৰা আঢ়ৈ হাজাৰ সেনা মোতায়েন কৰিছে চীনে। একে সময়তেই সেই এলেকাত বাঢ়িছে চীনা ফৌজৰ অস্থায়ী ছাউনিৰ সংখ্যা। আৰু LAC-ত চীনৰ এই প্রৰোচনামূলক কার্যকলাপৰ ফলত ক্রমশ বাঢ়িছে উত্তেজনাৰ প্ৰকোপ।
চুবুৰীয়া দেশৰ এই ভাবুকিৰ মুখত কঠোৰ অৱস্থান লৈছে ভাৰতেও। LAC-ত কোনো ধৰণৰ পৰিবর্তনৰ চেষ্টা মানি লোৱা নহ’ব বুলি স্পষ্টভাৱে জনাই দিছে নতুন দিল্লীয়ে। কৌশলগতভাবে সংবেদনশীল এলেকাসমূহত সেনা জোৱানৰ সংখ্যা বৃদ্ধি কৰা হৈছে। উদ্ভূত পৰিস্থিতি পর্যালোচনাত মঙ্গলবাৰে সন্ধ্যা চিফ অফ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাত আৰু তিনি বাহিনীৰ প্রধানৰ সৈতে উচ্চ পর্যায়ৰ বৈঠকত মিলিত হৈছে প্রধানমন্ত্রী নৰেন্দ্র মোদী। বৈঠকত উপস্থিত থাকে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালেও। ইয়াৰ উপৰি বিদেশ সচিব হর্ষবর্ধন শ্রিংলাৰ সৈতেও পৃথকভাবে বৈঠক কৰে মোদীয়ে। ফলত বিগত ২০১৭ চনৰ ডোকলাম সংকটৰ পিছত পুনৰ এক ডাঙৰ সংঘাতৰ দিশে আগবাঢ়িছে দুই দেশ।













