ASSAM TIMES POST
অসমত পুনৰ ১৮ গৰাকী ব্যক্তিৰ দেহত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে।ৰাজ্যত ক’ৰোণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পালে ৭০৪জনলৈ। ১৮গৰাকীৰ ভিতৰত ১৪গৰাকী গোলাঘাটৰ, ২গৰাকী কাৰ্বি আংলঙৰ, এগৰাকী লখিমপুৰৰ আৰু এগৰাকী গুৱাহাটীৰ।
টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। লক্ষ্যণীয় যে, বিমানেৰে বহিঃৰাজ্যৰ পৰা প্ৰথমগৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ভিড-১৯ পজিটিভ । আহমেদাবাদৰ পৰা গুৱাহাটীলৈ বিমানেৰে যাত্ৰা কৰিছিল আক্ৰান্ত লোক জন । এই ১৮গৰাকী বৃদ্ধিৰ লগে লগে অসমত ক’ৰোণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পালে ৭০৪জনলৈ।













