ASSAM TIMES POST
নিউজ ডেস্ক:
ভাৰতৰ স্বাধীনতা পূৰ্বৰ কথা।দেশত তেতিয়া ব্ৰিটিছৰ শাসন।বৃটিছ শাসিত অসম প্ৰদেশৰ তদানিন্তন মুখ্য আয়ুক্ত ছাৰ হেনৰী ষ্টেডমেন কটনে ১৯০১ চনৰ ২৭ মে’ অৰ্থাৎ আজি দিনটোতে উচ্চশিক্ষা প্ৰাণ কেন্দ্ৰ ঐতিহাসিক কটন কলেজ আৰম্ভণি হ’ল বুলি ঘোষণা কৰিছিল।অধ্যক্ষ উইলিয়াম ফ্ৰেডেৰিক ছুডমাৰ্ছনকে ধৰি মুঠ পাঁচ অধ্যাপকেৰে কটন কলেজত আৰম্ভ হয় শিক্ষাদান।কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত আৰম্ভৰ হোৱা কটন কলেজত আৰম্ভণি বৰ্ষত এফ এ প্ৰথম বৰ্ষ শ্ৰেণীত(একাদশ) ৩৭ জন আৰু এফ এ দ্বিতীয় বৰ্ষ শ্ৰেণীত (দ্বাদশ) ২ জনসহ মুঠ ৩৯জন ছাত্ৰই আৰম্ভ হোৱা কটন পাছলৈ অৰ্থাৎ দেশে স্বাধীনতা লাভ কৰাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয় অধীনলৈ যায় কটন।
ইফালে ১৯৯২চনৰ ৬ অক্টোবৰ তাৰিখে ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি শংকৰ দয়াল শৰ্মাই কটন কলেজক এখন স্নাতকোত্তৰ শিক্ষা প্ৰতিষ্ঠান হিচাপে ঘোষণা কৰে।

উল্লেখ যে প্ৰতিস্থাপন মুখ্য আয়ুক্ত গৰাকীৰ নামেৰে নামাকৰণ কৰা কটন কলেজ শতবর্ষ অতিক্ৰম কৰিলে।ৰাজ্য তথা উত্তৰ-পূৰ্বৰ বহু পুৰুধাৰা ব্যক্তি কটনৰ বুকুত জন্ম হ’ল।
দেৱদাৰো নগৰী হিচাপে বৰ্তমান খ্যাত কটন কলেজ ২০১৭ চনত অসম বিধানসভাৰ প্ৰস্তাৱ মৰ্মে কটনে ৰাজ্যিক বিশ্ববিদ্যালয় স্বীকৃতি লাভ কৰিলে।
ঐতিহাসিক কটন কলেজ/বিশ্ববিদ্যালয়ে আজি ১২০টা বসন্তত ভৰি থলে।পূর্ব গৰিমাৰে কটন আজিও জিলিকি আছে লুইতৰ পাৰত।জ্ঞানৰ মন্দিৰ কটন এতিয়া মানৱ জাতিৰ সেৱাত উসৰ্গিত।
গুৰুত্বপূৰ্ণ কথা এই যে ১২০ বছৰ সম্পূৰ্ণ কৰা কটন আজি দিনটোৰ পৰাই এক অন্যন্য ইতিহাসৰ সাক্ষী হ’ব।বিশ্বাত্ৰাস ক’ৰনা ভাইৰাছ ৰোধৰ বাবে বহিৰাজ্য পৰা অসমলৈ ঘূৰি অহা যাত্ৰী সকলৰ বাবে কটনে আজি দিনটোৰ পৰা এক সুকীয়া পৰিচয় বহন কৰিব।কাৰণ প্ৰশাসনৰ সিদ্ধান্ত মৰ্মে কটনৰ হোষ্টেল সমূহ আজি পৰা কোৱাৰেণ্টাইন কেন্দ্ৰলৈ ব্যৱহাৰ হ’ব।অৰ্থাৎ পুনৰ মানৱ সেৱাত ব্ৰতী হ’ল গৰিমা মণ্ডিত কটন।













