ASSAM TIMES POST
পশ্চিম কাৰ্বিআংলঙ : বিশ্বত ক’ৰোনাৰ আতংকৰ সময়তে পশ্চিম কাৰ্বিআংলঙত কপিলী নদীয়ে লৈছে সংহাৰী ৰূপ। বিপদ সীমাৰ ওপৰে বৈছে কপিলী নদী। ইতিমধ্য পশ্চিম কাৰ্বিআংলং- হোজাই সংযোগী পথৰ ওপৰে পানী বাগৰাৰ ফলত স্তব্ধ হৈ পৰিছে দুয়োখন জিলাৰ যাতায়ত ব্যৱস্থা।

পথৰ ওপৰত এবুকু পৰ্যন্ত পানী। কপিলী নৈৰ বাঢ়নী পানীয়ে টুম্প্ৰেঙৰ মুগাচুং,তৰাডুবী,মেকাং গাঁও,হাতীমৰা আদিৰ ওপৰিও খেৰনীৰ বহু অঞ্চল বোৰাই পেলাইছে।বহু হেক্টৰ কৃষিভূমিৰ ক্ষতিসাধন। গৃহহাৰা হৈ পৰিছে বহু পৰিয়াল।
উপায়অন্ত হৈ মথাউৰিৰ উপৰতে আশ্ৰয় লবলগা হৈছে ।ইতিমধ্যে বানাক্ৰান্তৰ অৱস্থাৰ বুজ লবলৈ বানপিৰিত অঞ্চলত উপস্থিত হৈছে পশ্চিম কাৰ্বিআংলঙ জিলা অতিৰিক্ত উপায়ুক্ত অনিল চন্দ্ৰ দাস ।













