ASSAM TIMES POST
নগাঁও:
ক’ভিড-১৯ৰ সংক্ৰমণৰ আশংকাই নগাঁও জিলা বাসীক ত্ৰস্তমান কৰি ৰাখিছে। ইপিনে, তলাবন্ধৰ সময়তে বহিঃ ৰাজ্যৰ পৰা নগাঁৱলৈ প্ৰত্যাৱৰ্তন কৰাৰ পাছত বিভিন্ন কোৱাৰেন্টাইন চেন্টাৰত কোৱাৰেন্টাইন হৈ থকা ১৪ জনকৈ লোক ক’ভিড-১৯ত আক্ৰান্ত হোৱাটো নিশ্চিত হৈছে। ইয়াকে লৈ জিলাবাসী উদ্বিগ্ন হৈ থকাৰ সময়তে জিলাখনলৈ বহিঃ ৰাজ্যৰ পৰা জাকে জাকে শ্ৰমিকৰ প্ৰত্যাৱৰ্তন ঘটিছে। যোৱা ১৫ মে’ৰ পৰা আৰম্ভ হোৱা শ্ৰমিক সকলৰ ওভতনি যাত্ৰা ক্ৰমান্বয়ে তীব্ৰতৰ হৈ পৰিছে। আজিও জিলাখনলৈ বহিঃ ৰাজ্যৰ পৰা দুখন বিশেষ ৰেলযোগে দুশ গৰাকীৰো অধিক শ্ৰমিক নগাঁৱলৈ ওভতি আহিছে। আজি স্পেচিয়েল ৰেল যোগে আহি চাপৰমুখ ৰেল জংছনত নমাৰ পাছতেই শ্ৰমিক সকলক নগাঁৱলৈ আনি নেহৰুবালিত স্কীণিং সম্পন্ন কৰাৰ পাছত বিভিন্ন কোৱাৰেন্টাইন চেন্টাৰলৈ প্ৰেৰণ কৰা হয়। নগাঁও জিলা স্বাস্থ্য বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা মতে, আজি জিলা খনৰ ২৩জন লোকৰ শ্বাৱৰ নমূনা সংগ্ৰহ কৰি ক’ভিড-১৯ পৰীক্ষাৰ বাবে বিজ্ঞানগাৰলৈ পঠিওৱা হৈছে।
ইপিনে, আজি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হাস্পতালত পুনৰ তিনি জন কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকক ভৰ্তি কৰোৱা হৈছে বুলি জিলা স্বাস্থ্য বিভাগৰ সূত্ৰই জনাইছে। এতিয়াও জিলা খনত ৫০৩গৰাকী লোক হোম কোৱাৰেন্টাইন আৰু ৮৮৬গৰাকী লোক বিভিন্ন কোৱাৰেন্টাইন চেন্টাৰত কোৱাৰেন্টাইন হৈ আছে। আজি পৰ্যন্ত জিলা খনৰ মুঠ ২০৪৮গৰাকী লোকৰ শ্বাৱৰ নমূণা সংগ্ৰহ কৰা হৈছে। ইয়াৰে ১০৫৩টা নমূনাৰ ক’ভিড-১৯ নিগেটিভ অহাৰ বিপৰীতে ক’ভিড-১৯ পজিটিভ ওলাইছে ১৭জন লোকৰ। অৱশ্যে এওঁলোক বহিঃ ৰাজ্য ফেৰৎ আৰু প্ৰত্যেকেই বিভিন্ন কোৱাৰেন্টাইন চেন্টাৰত কোৱাৰেন্টাইন হৈ আছে। জিলা স্বাস্থ্য বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা মতে, আজিৰ তাৰিখতো নগাঁৱৰ ক’ভিড হাস্পতালত ২১গৰাকী ক’ভিড-১৯ পজিটিভ ৰোগী চিকিৎসাধীন হৈ আছে।
এওঁলোকৰ ভিতৰৰ ১৭জন নগাঁৱৰ, দুজন হোজাই আৰু দুজন কাৰ্বি আংলং জিলাৰ বহিঃ ৰাজ্য ফেৰৎ লোক। আনহাতে, কালি জিলাখনৰ বিভিন্ন কোৱাৰেণ্টাইন চেণ্টাৰত কালি ১১ জনৰ ক’ভিড-১৯ পজিটিভ ওলোৱাৰ পিছত আজি পুনৰ তিনিজন লোক ক’ভিড-১৯ত আক্ৰান্ত হোৱাটো নিশ্চিত হয়। ধিঙৰ জৱাহৰ নৱোদয় বিদ্যালয়ত এই লোককেইজন কোৱাৰেণ্টাইন হৈ আছিল। এই লোককেইজন হল ধিং সোনশেৰী গাঁৱৰ আলহাজ উদ্দিন (২৮), ৰুফুল আমিন (২২) আৰু ধিঙৰ মৌখুটি গাঁৱৰ ইজাজুল হক (১৯)। উল্লেখ্য যে, আজিৰে পৰা নগাঁও জিলা স্বাস্থ্য বিভাগে জিলাখনৰ কলিয়াবৰৰ মিছা হাইস্কুলত স্থাপন কৰা দ্বিতীয়টো স্ক্ৰীনিং কেন্দ্ৰত বহিঃ ৰাজ্যেৰ পৰা লোকৰ স্ক্ৰীনিং আৰু স্বাৱৰ নমুনা সংগ্ৰহ কৰাৰ কাম আৰম্ভ হৈছে। আনহাতে, অত্যাধিক কামৰ বোজাৰ বাবেই স্বাস্থ্য বিভাগৰ উৎপল দাস নামৰ এজন কৰ্মচাৰী চিকিৎসাধীন হ’বলগা হৈছে।













