ASSAM TIMES POST
ৰাজ্যত বেয়াৰ মাজত আহিল ভাল খবৰ। সুস্থ হৈও উঠিছে ক’ৰোণাত আক্ৰান্ত হোৱা ৰোগী সকল। ৰাজ্যত নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ২৫ জনকৈ লোক। নতুনকৈ ক’ৰোণা মুক্ত হোৱা সকলৰ ভিতৰত ২২ জন মহেন্দ্ৰ মোহন চৌধুৰী চিকিত্সালয়ৰ, দুজন শিলচৰ মেডিকেল কলেজৰ আৰু এজন যোৰহাট চিকিত্সা মহাবিদ্যালয়ৰ।

ক’ৰোণা মুক্ত হোৱা আটাইকেইজনকে আজি চিকিত্সালয়ৰ পৰা ৰিলিজ দিয়া হ’ল বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।ৰাজ্যত এই পৰ্যন্ত আৰোগ্য হৈ উঠিল ৮৭জন ক’ৰোণাত আক্ৰান্ত হোৱা ৰোগী। তাৰ বিপৰীতে এতিয়াও ৬৮০ জন চিকিত্সাধীন হৈ আছে।













