ASSAM TIMES POST
জিতেন বৰকটকী,নগাঁও:
বহি:ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে অসমীয়া শিপিনীৰ হাতত গঢ় লোৱা গামোচাৰে প্ৰস্তুত কৰা মাস্কৰ চাহিদা। নগাঁও জিলাৰ চামগুৰিৰ জ্যোতি জিমলি মহন্ত নামৰ মহিলাগৰাকীয়ে গামোচাৰে প্ৰস্তুত কৰা মাস্কে শেহতীয়াভাৱে গুজৰাট, নতুন দিল্লীকে ধৰি বহি:ৰাজ্যৰ বিভিন্ন গ্ৰাহকৰ পৰা বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে ।

শেহতীয়াভাৱে জ্যোতি জিমলি মহন্তই অসম চৰকাৰৰ গ্ৰামোন্নয়ণ বিভাগ আৰু ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত প্ৰস্তুত কৰি উলিয়াইছে কেইবাহেজাৰ “অসমী” ব্ৰেণ্ডৰ মাস্ক। তাঁতশালৰ উদ্যোগৰে স্বাৱলম্বী হোৱা জিমলিয়ে ধেমাজিৰ ৬ টা পৰিয়ালক লৈ আৰম্ভ কৰা তাঁতশাল উদ্যোগে বিগত সময়ছোৱাত যথেষ্ট লাভাম্বিত হৈছিল যদিও লকডাউনৰ ফলত জিমলিৰ তাঁতশালৰ উদ্যোগ কেইদিনমানৰ কাৰণে বন্ধ হৈ পৰিছিল।
সেই সময়তে উদ্যোগী মহিলা গৰাকীয়ে নতুন চিন্তাৰে আৰম্ভ কৰিছিল গামোচাৰে মাস্ক বনোৱাৰ কাম। জ্যোতি জিমলি মহন্তই তৈয়াৰ কৰা দুহেজাৰ গামোচাৰ মাস্ক শেহতীয়াকৈ ক্ৰয় কৰিছে বিশ্ব বেংকে। গুজৰাট আৰু নতুন দিল্লীৰ কেইবাটাও প্ৰতিষ্ঠানে জিমলিৰ পৰা গামোচাৰ মাস্ক ক্ৰয় কৰি গ্ৰাহকৰ পৰা বিপুল সঁহাৰি লাভ কৰাৰ পিছত এতিয়া মুগা কাপোৰৰ মাস্ক প্ৰস্তুতৰ বাবে জিমলী মহন্তক আহ্বান জনায়।
ইতিমধ্যে বহি:ৰাজ্যৰ প্ৰতিষ্ঠানৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই জিমলিয়ে মুগা কাপোৰেৰে মাস্ক প্ৰস্তুত কৰি উলিয়াইছে । উল্লেখযোগ্য যে মাস্ক প্ৰস্তুতকৰণৰে স্বাৱলম্বীতাৰ নিদৰ্ষণ দাঙি ধৰা জিমলি মহন্তৰ এনে সাফল্যই উৎসাহিত কৰিছে বহু অসমীয়া শিপিনীক।
দুৰ্যোগৰ সময়তো দেশীয় বজাৰত অসমীয়া গামোচাৰ মাস্কৰ সমান্তৰাল ভাৱে কাপোৰৰ মাস্ক আৰু মুগা কাপোৰৰ মাস্কৰ চাহিদা বৃদ্ধি পোৱা এনে উদাহৰণে অসমীয়া বস্ত্ৰ উদ্যোগৰ প্ৰতি আশাৰ বতৰা কঢ়িয়াই আনিছে ।













