ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ
ৰাজ্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মুকলি কৰে পাচলি ৰপ্তানি বিশেষ বিমান সেৱা।প্ৰথমদিনা ৰঙালাও প্ৰেৰণ কৰিছে ৰাজ্য কৃষি বিভাগে।প্ৰতিদিনে ৰাজ্য কৃষকে উৎপাদন কৰা সামগ্রী বিদেশলৈ প্ৰেৰণ কৰা হব বুলি উল্লেখ কৰি মন্ত্ৰী অতুল বৰাই কয় বিমানৰ ব্যয় অধিক হোৱা প্ৰতি লক্ষ্য ৰাখি জাহাজৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰি নেকি তাক লৈ আলোচনা চলি আছে।
ৰাজ্যৰ কৃষকে উৎপাদন কৰা বিদেশলৈ পঠিওৱা আমাৰ এটা সপোন আছিল লগতে তেওঁ কয়।উল্লেখ যে পূৰ্বতে ৰাজ্য পৰা পটল, বেঙেনা, নেমুটেঙা, কেৰেলা, বীন, মটৰ, উৰহী আদি ৰপ্তানি হৈছিল বিদেশলৈ।গুৰুত্বপূৰ্ণ কথা এই যে এয়াৰ ইণ্ডিয়া বিমানৰ যোগে নিব লগা সামগ্ৰী ৰপ্তানি শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।
তাপৰ্য পূৰ্ণ কথা এই যে কৃষকৰ উৎপাদিত কেচাঁ শাক-পাচলিখিনি পেকিং কৰি লৈ আহিব লাগিব বৰঝাৰ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰলৈ বাকীখিনি কামৰ দায়িত্ব ল’ব বিমানবন্দৰৰ কাষ্টম বিভাগৰ লগতে প্লেন কৰেণ্টাইন বিভাগে।এই কথা অৱগত কৰে Airport Authorityৰ REDডি কে কামৰাই ।













