ASSAM TIMES POST
নগাঁও: লকডাউন অব্যাহত থকাৰ মাজতে নগাঁও চহৰত ক্ৰমাৎ অপৰাধজনিত কাৰ্যকলাপ বৃদ্ধি পাব ধৰিছে । নিশা কাৰ্ফিউ চলি থকাৰ সময়তে এচাম অপৰাধীয়ে নগাঁও চহৰত চলোৱা অপৰাধজনিত কাৰ্যকলাপে চহৰবাসীক আতংকিত কৰি তুলিছে। আনহাতে নিশাৰ পৰিবৰ্তে এইবাৰ দিন-দুপৰতে নগাঁও চহৰৰ আগশাৰীৰ শিক্ষানুষ্ঠান ৰেনেছাঁ স্কুলত চোৰে লুটপাত চলায়।
উল্লেখ্য যে আজিৰ পৰা এমাহ পূৰ্বেও ৰেণেছাঁ স্কুলত সংঘটিত হৈছিল আন এক চুৰিকাৰ্য। সেইবাৰ চোৰে বিদ্যালয়খনৰ পৰা কম্পিউটাৰ ছেট আৰু বহু মূল্যৱান সামগ্ৰী লুটি নিয়াৰ লগতে বিদ্যালয়খনৰ চি চি টিভি কেমেৰাৰো ক্ষতিসাধন কৰিছিল। আনহাতে চোৰে আজি পুনৰবাৰ বিদ্যালয়খনত প্ৰৱেশ কৰি বহু মূল্যৱান সামগ্ৰী লুটি নিয়ে। ইপিনে চুৰি কাৰ্যৰ সমগ্ৰ দৃশ্যাৱলী চিচি টিভি কেমেৰাত বন্দী হোৱাৰ পিছতে নগাঁও আৰক্ষীয়ে চোৰৰ সন্ধানত অভিযান আৰম্ভ কৰে ।
ইপিনে বিগত সপ্তাহটোত নগাঁও চহৰত বৃদ্ধি পোৱা অপৰাধজনিত কাৰ্যকলাপে চহৰবাসীক আতংকিত কৰি তুলিছে । যোৱা ২৫ মে’ ত নগাঁৱৰ কৰৈয়ণী পথাৰত এগৰাকী যুৱতীৰ অৰ্ধদগ্ধ মৃতদেহ উদ্ধাৰ হোৱাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ চহৰখনৰ চাৰিখুটিত নিশা অপৰাধীৰ দলে এখন পৰিত্যক্ত বাহনত শুই থকা অৱস্থাতে এজন গৃহহীন লোকক জীৱন্তে অগ্নিদগ্ধ কৰি হত্যা কৰিছিল।
ইয়াৰ উপৰি যোৱা ১৭ মাৰ্চত চহৰখনৰ ম’হখুলিত আৰক্ষী বিষয়াক আক্ৰমণ কৰি পিষ্টল কাঢ়ি নিয়া কুখ্যাত ড্ৰাগছ মাফিয়া ইমতিয়াজ আলীৰ সন্ধান নগাঁও আৰক্ষীয়ে বৰ্তমানেও উলিয়াব পৰা নাই । সেয়ে অপৰাধীৰ চক্ৰৰ বিৰুদ্ধে নগাঁও আৰক্ষীক কঠোৰ পদক্ষেপ গ্ৰহণৰ আহ্বান জনাই নগাঁৱৰ সচেতন মহলে ।













