ASSAM TIMES POST
ডিফু: ‘লকডাউন’ৰ বাধ্য বাধকতাৰ মাজতো কাৰবি আংলঙৰ পাহাৰত বনাঞ্চলৰ ধ্বংসযজ্ঞ অব্যাহত ৰাখিছে একাংশ সমাজ বিৰোধী চক্ৰই ৷ চোৰাং কাঠ ব্যৱসায়ীৰ এনে তৎপৰতাৰ মাজতে কাৰবি আংলঙৰ কাঠ চোৰাংকৈ কাটি সৰবৰাহৰ অপচেষ্টা চলোৱাৰ সময়তে কালি পুৱতি নিশা বনবিভাগে অঙিযান চলাই বুজন পৰিমানৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় ৷
ঘটনাৰ বিৱৰণী অনুসৰি এক গোপন সূত্ৰৰ পম খেদি বন বিভাগৰ উত্তৰ সংমণ্ডলৰ বকলীয়াঘাটস্থিত কাৰ্যালয়ৰ সহকাৰী বন সংৰক্ষক হৰিনাথ ৰংহাঙৰ নেতৃত্বত কালি পুৱতি নিশা বনকৰ্মীৰ এটা দলে কাৰবি আংলং -হোজাই সীমান্তত অভিযান চলায় ৷ এলেকাটোৰ আমবাৰী, চৌধুৰী ব্লক এলেকাত অভিযান চলাই লুকুৱাই ৰখা অৱস্থাৰ পৰা বিভিন্ন প্ৰজাতিৰ মুঠ ২০ ছেফটি মূল্যৱান কাঠ জব্দ কৰে ৷ জব্দ হোৱা কাঠখিনিৰ বজাৰ মূল্য কমেও ২০ হাজাৰ টকা বুলি বিভাগীয় সূত্ৰই সদৰি কৰিছে ৷













