ASSAM TIMES POST
ডিফু: প্ৰায় দুমাহ জোৰা দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত আজি পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফু ৰেল ষ্টেছত পুৱাৰ ভাগত উপস্থিত হ’ল উজনিমুৱা গুৱাহাটী- যোৰহাট অভিমুখী জন শতাব্দী এক্সপ্ৰেছ ৷ কাল কৰ’না ভাইৰাছৰ বাবে চৰকাৰে আহ্বান জনোৱা “পঞ্চম লকডাউন” আৰু “আনলক্ ওৱান” ৰ প্ৰথমটো দিনতে আজিৰে পৰা জনশতাব্দী এক্সপ্ৰেছৰ চলাচল আৰম্ভ হৈছে ৷

এক প্ৰকাৰ যাত্ৰীশুন্য ডিফু ৰেল ষ্টেছনত ৰেলগাড়ীখন ৰখাৰ লগে লগে ষ্টেচনত উপস্থিত হয় ষ্টেচন মাষ্টাৰ, আৰপি এফ আৰু জি আৰপি এফৰ বিষয়া আৰু সংগীয় ষ্টাফ লগতে যাত্ৰী সকলক কৰ’না স্কেনিঙৰ বাবে ডিফু মেডিকেল কলেজ আৰু হাস্পাতালৰ চিকিৎসা কৰ্মী সকল ৷
আজি ডিফু ৰেলষ্টেচনত উজনিমুৱা জনশতাব্দীত মুঠ ২৯ গৰাকী যাত্ৰী উঠা নমা কৰে, স্কেনিঙৰ অন্তত প্ৰতিগৰাকী যাত্ৰীৰ শাৰিৰীক উঞ্চতা স্বাভাৱিক পোৱা গৈছে বুলি কৰ্তব্যৰত চিকিৎসা কৰ্মী সকলে জানিব দিছে ৷ আনহাতে জনশতাব্দী এক্সপ্ৰেছত যাত্ৰীৰ উপস্থিতি তেনেই নগণ্য পৰিলক্ষিত হয় ৷ প্ৰতিজন যাত্ৰীয়ে সামাজিক দূৰত্ব আৰু মাস্ক পৰিধান কৰাও দেখা যায় ৷













