ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ,বোকাখাত:
বোকাখাত থানাৰ অধীনৰ লখৌজান নিবাসী হৰিপদ ঠাকুৰৰ(৫৭) আজি পুৱতি নিশা নিজা গৃহত পৰলোক হয়। বোকাখাত ৰাজহ চক্ৰ বিভাগৰ মণ্ডল গৰাকী মধুমেহ ৰোগত আক্ৰান্ত আছিল আৰু গুৱাহাটীত চিকিৎসা গ্ৰহণ কৰি আছিল। অতি অমায়িক ঠাকুৰে চাকৰিৰ উপৰিও খেতি আৰু গো পালন কৰি অঞ্চলটোত আদৰ্শ দেখুৱাইছিল।
আজি স্থানীয় লোক আৰু তেখেতৰ কৰ্মৰত কাৰ্যালয়ৰ লোকৰ উপস্থিতিত সৎকাৰ কাৰ্য সম্পন্ন কৰা হয়। মৃত ঠাকুৰে পত্নী সহ দুই পুত্ৰ আৰু এগৰাকী কন্যাক ইহ সংসাৰত এৰি থৈ গৈছে। ব্যক্তিজনৰ মৃত্যুত অঞ্চল জুৰি শোকৰ ছাঁ পৰিছে।













