ASSAM TIMES POST
নগাঁও:নগাঁও জিলাৰ পুৰণিগুদামৰ কাষৰিগাঁৱত কালি নিশা আৰক্ষীৰ জালত পৰিল মাৰণাস্ত্ৰ সহ পাঁচ জন দুধৰ্ষ ডকাইত।আৰক্ষীয়ে ডকাইত কেইটাৰ হাতৰ পৰা এটা ৭ পইন্ট ৬৫ পিষ্টল, এটা পইন্ট ২২ পিষ্টল আৰু এটা পুতলা পিষ্টল সহ আঠ জাঁই সজীৱ গুলি উদ্ধাৰ কৰে।
ধৃত ডকাইত কেইটা হৈছে জিয়াবুৰ ৰহমাম, ৱাহিদুল ইছলাম, মাৰফৎ আলী, জামছেদ আলী আৰু মফিদুল ইছলাম।নগাঁও চহৰৰ দিশৰ পৰা আহি ডকাইতৰ দলটো কোনো ঠাইত ডকাইতি কৰাৰ উদ্দেশ্যেৰে অঞ্চলটোত ঘূৰি ফুৰিছিল।
পিচত গোপন সুত্ৰৰ পম খেদি নগাঁৱৰ উপ আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ দাস আৰু পুৰণিগুদাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিৰদাও গয়াৰীয়ে কাষৰিগাঁৱত অভিযান চলাই আটাইকে গ্ৰেপ্তাৰ কৰে।













